মেধাৱী শিক্ষাৰ্থীলৈ ৩৫,৮০০খন স্কুটী বিতৰণ কৰিব ৰাজ্য চৰকাৰেঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

Pc assam.news18.com

মেধাৱী শিক্ষাৰ্থীলৈ ৩৫,৮০০খন স্কুটী বিতৰণ কৰিব ৰাজ্য চৰকাৰেঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

ৰঙিলী বাৰ্ত্তাসেৱা-  জনতা ভৱনত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকৰ অন্তত ইয়াৰ সিদ্ধান্তৰ বিষয়ে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদমাধ্যমৰ আগত অৱগত কৰে। কেবিনেটত লোৱা আন বহুকেইটা সিদ্ধান্তৰ বিষয়ে অৱগত কৰাৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰে যে প্ৰজ্ঞা ভাৰতী আঁচনিৰ অধীনত অসম চৰকাৰে উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান পোৱা ছাত্ৰী আৰু ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰৰ মাজত ৩৫,৮০০খন স্কুটী বিতৰণ কৰিব। ৰাজ্যৰ ২৯,৭৪৮ গৰাকী ছাত্ৰী আৰু ৬,০৫২গৰাকী ছাত্ৰৰ মাজত এই স্কুটী বিতৰণ কৰা হ’ব। কামৰূপ মেট্ৰ’ৰ পৰা এই বিতৰণ কাৰ্যসূচী ৩০ নৱেম্বৰৰ পৰা আৰম্ভ কৰা হ’ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে।