মেটমৰা গ্ৰন্থ সম্ভাৰঃ আকৰ্ষণীয় অসম গ্ৰন্থমেলা, শিলচৰ

মেটমৰা গ্ৰন্থ সম্ভাৰঃ আকৰ্ষণীয় অসম গ্ৰন্থমেলা, শিলচৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  সাহিত্য-সংস্কৃতি, বিজ্ঞান-ক্ৰীড়া , ৰাজনীতি-ইতিহাস আদি ভিন্ন বিষয়ৰ মেটমৰা গ্ৰন্থ সম্ভাৰেৰে আয়োজন কৰা অসম গ্ৰন্থমেলা আকৰ্ষণৰ মধ্যমণি হৈ পৰিছে বৰাক উপত্যকাৰ প্ৰাণকেন্দ্ৰ শিলচৰত ৷ ইয়াৰ বৌদ্ধিক সমাজৰ ইতিবচক সঁহাৰিয়ে উৎসাহিত কৰি তুলিছে লেখক-প্ৰকাশক তথা গ্ৰন্থ বিক্ৰেতাসকলক ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজন কৰা দহদিনীয়া অসম গ্ৰন্থমেলাই আজি ষষ্ঠ দিন অতিক্ৰম কৰিলে ৷ নিৰ্ধাৰিত কাৰ্যক্ৰমণিকা অনুসৰি আজি অসম গ্ৰন্থমেলাত অনুষ্ঠিত হয় বাংলা সাহিত্য সভাৰ এলানি মনপৰশা কাৰ্যসূচী ৷ কবিতা পাঠ, সাহিত্য বিষয়ক আলোচনা , গীত-মাতেৰে জীপাল হৈ পৰে এই অনুষ্ঠান ৷ ইয়াৰ কবি সন্মিলনত অংশগ্ৰহণ কৰে সমৰ বিজয় চক্ৰৱৰ্তী, অসিত চক্ৰৱৰ্তীকে ধৰি বৰাকৰ নবীন-প্ৰবীন কবিসকলে ৷ ইয়াৰ পাছত “সাহিত্যত দেশভক্তি আৰু দেশৰ সমন্বয় শক্তি” শীৰ্ষক আলোচনা সত্ৰ সঞ্চালনা কৰে লেখক-অনুবাদক নিবেদিতা চক্ৰৱৰ্তীয়ে ৷ আলোচকৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক-সাহিত্যিক ক্ৰমে সমৰ বিজয় চক্ৰৱৰ্তী ,অসিত চক্ৰৱৰ্তী, ড° বৰুণজ্যোতি চৌধুৰীয়ে ৷ আন এক আলোচনা সত্ৰ “বৰাকৰ শিল্পঃ পৰম্পৰাৰ পৰা আধুনিকতাৰ উত্তৰণ” সঞ্চালনা কৰে গৱেষক ড° বিনয় পালে ৷ ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰে অসম বিশ্ববিদ্যালয়ৰ চাৰুকলা বিভাগৰ অধ্যাপক ড° গণেশ নন্দী, চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যাপক ড° পিনাকপাণি নাথে ৷ এই আলোচনা সত্ৰৰে সংগতি ৰাখি আয়োজন কৰা সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিল্পী ক্ৰমে বিক্ৰমজিৎ বাউলীয়া, সুমিতা ভট্টাচাৰ্য, কল্যাণী দাম, পৌলমী শীল আৰু প্ৰতীতি শীলে৷ কবিতা আবৃত্তিৰে অনুষ্ঠানটিক ৰসময় কৰি তোলে অনিৰ্বাণজ্যোতি গুপ্ত, দেৱযানী ভট্টাচাৰ্য আৰু দ্বীপান্বিতা পালে ৷ অনুষ্ঠানত পৰিৱেশিত কীৰ্তন পৰিচালনা কৰে অৰুন্ধতী দত্ত ৰায়ে আৰু নৃত্য পৰিচালনা কৰে সেবায়ন ৰায় চৌধুৰীয়ে ৷ ইয়াৰ পাছত মিঠুন ৰায়ৰ পৰিচালনাৰে মঞ্চস্থ কৰা “মহিষাসুৰ-২০২৩” নাটকেৰে বাংলা সাহিত্য সভাৰ দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰে ৷ ইপিনে আজি সন্ধিয়াৰ সাংস্কৃতিক প্ৰতিযোগিতাও দৃষ্টিনন্দন হৈ পৰে ৷ ইয়াত যোগদান কৰে শিশুতীৰ্থ হাইস্কুল, পৰমানন্দ বিদ্যা মন্দিৰ আৰু ৰামানুজ গুপ্তা ডিগ্ৰী কলেজে ৷ উল্লেখ্য যে অসম গ্ৰন্থমেলা, শিলচৰতো এহেজাৰ টকাৰ গ্ৰন্থ ক্ৰয় কৰা সকলক ১ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰৰ বাবে কুপন দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷গ্ৰন্থমেলাৰ অন্তিম দিনা অৰ্থাৎ অহা ১০ ডিচেম্বৰত সন্ধিয়া ৬ বজাত লটাৰীৰ জৰিয়তে এই পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷