মেঘালয়ত টেক্সি চালকক হত্যা কৰা আই লাভ ইউ টালাংক গ্ৰেপ্তাৰ

Pc The Janambhumi

মেঘালয়ত টেক্সি চালকক হত্যা কৰা আই লাভ ইউ টালাংক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  এজন পৰ্যটক কেব চালকৰ হত্যাত জড়িত থকাৰ অভিযোগত মেঘালয় আৰক্ষীয়ে আই লাভ ইউ টালাং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।চালক দামেহিপাইয়া পাপেং ১০ আগষ্টত পশ্চিম জৈন্তিয়া পাহাৰৰ মিহমিন্টুত থকা তেওঁৰ পত্নীৰ বাসগৃহৰ পৰা নিৰুদ্দেশ হৈছিল।২৫ আগষ্টত জোৱাই বাইপাছত চালক দামেহিপাইয়া পাপেঙৰ মৃতদেহ ডিঙি কটা অৱস্থাত উদ্ধাৰ কৰা হৈছিল।মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আই লাভ ইউ টালাংই টেক্সি চালকক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে।উল্লেখযোগ্য যে,১৬ আগষ্টত লুমশ্নং অঞ্চলৰ পৰা উদ্ধাৰ কৰা এজন জোৱাই-শ্বিলং স্থিত পৰ্যটক বাহন চালক ফুলমুন খাৰচাহনোহৰ হত্যাকাণ্ডতো আই লাভ ইউ টালাং জড়িত আছিল।টালাঙৰ বিৰুদ্ধে কেইবাটাও হত্যাকাণ্ডৰ অভিযোগ উত্থাপিত হৈছে।