মেঘালয়ত ঘূৰ্ণীবতাহত ১,০০০ তকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত
ৰঙিলী বাৰ্ত্তাসেৱা- মেঘালয়ত হোৱা ঘূৰ্ণীবতাহত মেঘালয়ৰ ৰি ভোই জিলাৰ ১,০০০ তকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত হয় বুলি জিলাখনৰ এজন জ্যেষ্ঠ বিষয়াই জনায়। তেওঁ লগতে কয়, “প্ৰাথমিক ভাৱে, জিলাখনৰ ৪৭ খন গাওঁ ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।” ৰি ভোইৰ উপায়ুক্ত (ডিচি) অৰ্পিত উপাধ্যায়ে কয়, “চিয়াধে গাঁৱত ষ্টেণ্ডবাই হিচাপে এটা অস্থায়ী আশ্ৰয় স্থাপন কৰা হৈছে।”