মৃদুল ইছলামৰ মৃত্যুৰ তদন্ত কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

মৃদুল ইছলামৰ মৃত্যুৰ তদন্ত কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজভৱনত প্রতিবাদ কৰিবলৈ গৈ প্রাণ হেৰুওৱা কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ মৃত্যুৰ তদন্ত কৰাৰ নির্দেশ দিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা সদৰী কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ঘটনা সম্পর্কত তেওঁ ইতিমধ্যে আৰক্ষীক এফআইআৰ পঞ্জীয়ন কৰি বুধবাৰৰ ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিঙৰ পৰ্যালোচনাকে ধৰি ঘটনাৰ পুংখানুপুংখ তদন্ত আৰম্ভ কৰিবলৈ নির্দেশ দিছে। উল্লেখ্য যে বুধবাৰে  কংগ্রেছ দলে ৰাজভৱন চলো এক কার্যসূচী গ্রহণ কৰিছিল। সেই কাৰ্যসূচীত অংশগ্রহণকাৰী কংগ্ৰেছীসকলক ছত্রভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্রয়োগ কৰিছিল। সেই কন্দুৱা গেছৰ প্রভাৱতে মৃদুল ইছলাম নামৰ কংগ্ৰেছ কৰ্মীজন মৃত্যুমুখত পৰে বুলি কংগ্রেছ দলে অভিযোগ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক এফআইআৰ পঞ্জীয়ন কৰি ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিঙৰ পৰ্যালোচনা কৰাকে ধৰি ঘটনাৰ পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিয়ে। ৰাজভৱনত কংগ্ৰেছে কৰা প্রতিবাদ সম্পর্কতো সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যপালৰ সাংবিধানিক পদমর্যাদা সদায় দলীয় ৰাজনীতিৰ ঊর্ধ্বত। কংগ্ৰেছ দলৰ নেতাসকলে আৰক্ষীৰ বেৰিকেড ভংগ কৰি ৰাজভৱনত বলপূর্বক প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল আৰু সন্মুখভাগত বিশৃংখলতাৰ চেষ্টা কৰিছিল।