মৃত্যুৰ সিপাৰে
অসীম জ্যোতি দাস, মৰিগাঁও
মৃত্যুৰ সিপাৰে কি আছে
এবাৰ সচাকৈয়ে চাবৰ মন আছে
আপোনাৰো নাযায়নে নে মন
মৃত্যুৰ সিপাৰে কি আছে চাবলৈ
ককা-আইটাই কোৱাৰ দৰে
সচাকৈয়ে আহে নেকি
যমৰাজ নাইবা যমদূত
ক’ৰ পৰা কেনেকৈ আহে…..
কেনেকৈ আৰু কিহত নিয়ে
আমাৰ জীউটো?
আৰু !
যদি নিয়ে কি কৰে আমাৰ জীউবোৰ
সচাকৈয়ে পাপ-পুণ্যৰ বিচাৰ কৰেগৈ নেকি
যদি সেয়াই সত্য
তেনেহলে জীৱনৰ দুখ যান্ত্ৰণা বোৰ কি !
আছে নেকি মৃত্যুৰ সিপাৰে
এখন কল্পনাৰ ৰাজ্য
য’ত নাই জাতি আৰু ধৰ্মৰ ভেদাভেদ
য’ত নাই দুখ কষ্ট
কেৱল মাত্ৰ সুখৰ প্ৰতিচ্ছবি
তেনেহলে জীৱনৰ হাঁহিবোৰ কি !
সচাকৈয়ে এবাৰ চাব মন আছে
মৃত্যুৰ সিপাৰে কি আছে!