মূল্যবৃদ্ধিৰ প্ৰতিবাদত অজাপৰ অৱস্থান ধৰ্মঘট

pc Twitter

মূল্যবৃদ্ধিৰ প্ৰতিবাদত অজাপৰ অৱস্থান ধৰ্মঘট

ৰঙিলী বাৰ্ত্তাসেৱা-  সকলো বয়বস্তুৰ অতিপাত মূল্যবৃদ্ধিয়ে আজি সৰ্বস্তৰৰ জনসাধাৰণক জুৰুলা কৰিছে। ব্যাপক মূল্যবৃদ্ধিত অতিষ্ঠ ৰাইজক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি সকাহ দিয়াৰ সলনি চৰকাৰখন হাতসাৱটি বহি আছে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে অচিৰেই আমাৰ ইয়াতো শ্ৰীলংকা সদৃশ পৰিবেশ হোৱাটো খাটাং।অসম জাতীয় পৰিষদ দলে পৰ্বতসম মূল্যবৃদ্ধিৰ প্ৰতিবাদত ইতিমধ্যে এলানি কাৰ্যসূচী ঘোষণা কৰিছে। উক্ত কাৰ্যসূচী অনুসৰি কাইলৈ ২৭ এপ্ৰিল তাৰিখে দিনৰ ১১ বজাৰ পৰা ১ বজালৈ গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত কেন্দ্ৰীয়ভাৱে অৱস্থান ধৰ্মঘট পালন কৰা হ’ব। অহা ৩০ এপ্ৰিল তাৰিখে ৰাজ্যজুৰি জিলা সদৰ ঠাই সমূহত জাতীয় বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। উক্ত কাৰ্য্যসূচী দলৰ সভাপতি লুৰীণ জ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই সমুখৰ পৰা নেতৃত্ব দিব বুলি অজাপই আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সদৰী কৰিছে।