মূল্যবৃদ্ধিৰ জুই- ফখৰুদ্দিন আহমেদ

pc- istockphoto

মূল্যবৃদ্ধিৰ জুই

ফখৰুদ্দিন আহমেদ

বিগত ইং ২০২০ আৰু ২০২১ বৰ্ষ দুটিত ভয়াবহ কভিড ১৯ ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বিশ্ব সম্প্ৰদায়ৰ লগতে অসমবাসীয়েও ভোগ কৰিব লাগিছিল ল’ক ডাউনৰ অনাকাংখীত তিক্ততা। ইং ২০২১ বৰ্ষৰ শেষাৰ্ধত যদিও ল’ক ডাউনৰ পৰা ৰাজ্যবাসীয়ে মুক্তি পালে কিন্তু ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছিল দৈনন্দিন জীৱনত প্ৰয়োজনীয় সামগ্ৰীৰ লগতে পেট্ৰল জাত দ্ৰৈব্যৰ। কভিড ১৯ ৰ জৰিয়তে ভোগ কৰা ল’ক ডাউনে ইতিমধ্যে অসমবাসীৰ অৰ্থনৈতিক পৰিকাঠামোক বেয়াকৈ ক্ষতিগ্ৰস্থ কৰি থৈ যোৱাৰ সমান্তৰালকৈ মূল্যবৃদ্ধিৰ সমস্যাই সাম্প্ৰতিক সময়ত অসমবাসীক বাৰুকৈয়ে জুৰুলা কৰি আছে। এনে সময়ত অসমৰ শাসক আৰু বিৰোধী দলৰ ব্যস্ততা বাৰুকৈয়ে মন কৰিবলগীয়া। মূল্যবৃদ্ধিৰ এনে দুৰ্বিসহ দিনবোৰত শাসকীয় দলৰ মন্ত্ৰী , বিধায়কৰ পৰা আৰম্ভ কৰি তৃণমূল পৰ্যায়লৈকে নেতা-কৰ্মী সকলৰ মন্তব্যত অসমবাসীৰ প্ৰতি থকা দায়বদ্ধতাৰ বিষয়ে পৰিষ্ফূট হৈ পৰিছে। প্ৰধান বিৰোধী দল কংগ্ৰেছ বাদ-বিসম্বাদ আৰু অন্তৰ্কলহত বিধস্ত হৈছে। শাসকীয় দলৰ নেতা-কৰ্মীৰ মূল্যবৃদ্ধিৰ কাৰণ ব্যাখ্যাত ৰাইজৰ প্ৰতি দায়বদ্ধতাহীনতাৰ কথা বাৰুকৈয়ে প্ৰকাশিত হৈছে। কিছু সংখ্যকে মূল্যবৃদ্ধি ঘটা সামগ্ৰী সমূহৰ খেতি কৰিবলৈ পৰামৰ্শ দিছে , কিছু সংখ্যকে উক্ত সামগ্ৰী সমূহ কমকৈ ব্যবহাৰৰ লগতে কমকৈ খাবলৈ পৰামৰ্শ দিছে। কিছুমানে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী সমূহ কঢ়িওৱা বাহন সমূহে উচ্চ হাৰত পেট্ৰল জাত ইন্ধন আন ৰাজ্যত ভৰোৱাৰ বাবেহে অসমত নিত্য ব্যবহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটা বুলি কাৰণ দাঙি ধৰিছে। কিছুমানে ল’ক ডাউনৰ পিছৰ পৰা জনসাধাৰণে নিত্য ব্যবহাৰ্য সামগ্ৰী সমূহ প্ৰয়োজনতকৈ বেছিকৈ ক্ৰয় কৰাৰ কাৰণে বজাৰত সামগ্ৰীৰ কমি যোৱাৰ কাৰণে বজাৰত মূল্যবৃদ্ধি হৈছে ইত্যাদি। শাসকীয় দলৰ কিছুমান বিয়াগোম নেতাই আকৌ সাংবাদিকক মূল্যবৃদ্ধিৰ বাহিৰে আন বিষয়তহে প্ৰশ্ন কৰিবলৈ পৰামৰ্শ দিছে। তেখেত সকলক হেনো মুখ্যমন্ত্ৰী মহোদয় , বিভাগীয় মন্ত্ৰী তথা বিধায়ক সকলে মুল্যবৃদ্ধিৰ কাৰণ য’তে ত’তে দাঙি নধৰিবলৈ পৰামৰ্শ দিছে ।গতিকে তেখেত সকলে কোনো কাৰণতে মূল্যবৃদ্ধি সম্পৰ্কৰ মুখ নোখোলে।
কিন্তু মাত্ৰ কিছু দিন পূৰ্বে অসমৰ কেঞ্চাৰ হস্পিটেল উদ্বোধন কৰিবলৈ অহা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ সমূহক দিয়া পৰামৰ্শ খিনি কিন্তু মন কৰিবলগীয়া। তেখেতে দাঙি ধৰা পৰামৰ্শৰ অন্যতম দিশটি হৈছে দেশৰ জনতাৰ প্ৰয়োজনীয় নিত্য ব্যবহাৰ্য আৰু পেট্ৰলজাত সামগ্ৰী সমূহত ৰাজ্য চৰকাৰ সমূহে আৰোপ কৰা কৰ একেবাৰে মাফ নকৰি কমাই দিলেও মূল্যবৃদ্ধি যথেষ্ট ৰোধ কৰিব পৰা যাব।কিন্তু একাধিক দিন অতিক্ৰম কৰাৰ পিছতো মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ পৰামৰ্শটি ৰাজ্য চৰকাৰ সমূহে কাৰ্যকৰীকৰণ কৰাৰ ক্ষেত্ৰত হীন দেৰি কৰি আছে। অসম চৰকাৰেও এই ক্ষেত্ৰত সাম্প্ৰতিক সময়লৈ বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
মূল্যবৃদ্ধিৰ কাৰণ সম্পৰ্কত শাসকীয় দলৰ নেতা-কৰ্মী সকলে যিবোৰ পৰামৰ্শ ইতিমধ্যে জনতাৰ উদ্দেশ্যি দিছে ব্যবহাৰ্য সামগ্ৰীৰ ক্ষেত্ৰত সেই সকলোবোৰৰ খেতি কৰিব পৰা নাযায় নাইবা কমকৈ খোৱাৰ ব্যবস্থা কৰিলেই মূল্যবৃদ্ধি ৰোধ নহয় ।মূল্যবৃদ্ধি ৰোধ কৰিবলৈ হ’লে শাসকীয় পক্ষ , বিৰোধী দল , ব্যবসায়ী সকলৰ সুস্থিৰ মানসিকতা আৰু জনতাৰ পূৰ্ণ সহযোগিতাৰ নিত্যান্তই প্ৰয়োজন আছে। এই ক্ষেত্ৰত সহযোগ আৰু সমন্বয়ৰ কোনো ক্ষেত্ৰত যে অমিল আছে সেয়া খাটাং ।
ল’ক ডাউনৰ বিগত দুটা বছৰত ধনীক আৰু বনিক শ্ৰেণী দুটাৰ বাহিৰে চাকৰিয়াল , মধ্যবিত্ত আৰু দৰিদ্ৰতাৰ লগত সহবাস কৰি জীয়াই থকা সকলে জীৱন সংগ্ৰামৰ ৰণখনি ওচৰৰ পৰা দেখাৰ লগতে নিজেও ভূক্তভোগী হৈছিল। নিজৰ ভাঙি যোৱা অৰ্থনৈতিক পৰিকাঠামোক টনকিয়াল কৰাৰ আগমুহূৰ্তত অপৰিকল্পিত ভাবে আহি পৰা মূল্যবৃদ্ধি ভূতৰ ওপৰত দানহ পৰাৰ দৰেই হৈছে গৈ।
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ দিনাখন অৰ্থাৎ ইং ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ভাৰতৰ এক টকাৰ পৰিমাণ এক ডলাৰৰ সমান আছিল। সম্প্ৰতি সেই এক ডলাৰ এতিয়া প্ৰায় ৮০ টকাৰ সমান হৈছে। এই ফালৰ পৰা দেখা যায় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়টো টকাৰ মূল্য কমি গৈছে অৰ্থাৎ ভাৰতীয় অৰ্থনীতিত মুদ্ৰাস্ফীতি ঘটিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত টকাৰ মূল্য কমি যোৱাৰ ক্ষেত্ৰত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছৰ কালচোৱাত সাত দশকতকৈ অধিক কাল শাসনৰ গাদীত বহিবলৈ সক্ষম হোৱা কংগ্ৰেছ দলো কম জগৰীয়া নহয়।
কিছুদিন পূৰ্বে বিশ্ব বেংকৰ দ্বাৰা প্ৰকাশিত তথ্য অনুযায়ী ভাৰতবৰ্ষ উন্নয়ণশীল ৰাষ্ট্ৰৰ পৰা অবনমিত হৈ দৰিদ্ৰ দেশৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। আমাৰ ওচৰ চুবুৰীয়া দেশ শ্ৰীলংকাত হোৱা অৰ্থনৈতিক অৱস্থাই আমাৰ দেশ খনকো বাৰুকৈয়ে জোকাৰি গৈছে। দেশৰ জনসাধাৰণক যোগান ধৰা বিনামূলীয়া আঁচনিয়েই কাল হৈছে শ্ৰীলংকাৰ বাবে। দেশৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি প্ৰধানমন্ত্ৰী গৰাকী পলাই গৈছে বিদেশলৈ। ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী , বি জে পি দলৰ পিতৃ পুৰুষ , আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কবি প্ৰয়াত অটল বিহাৰী বাজপেয়ীয়ে কোনো কাৰণতে দেশৰ জনসাধাৰণক বিনামূলীয়া আঁচনি দিয়াৰ পক্ষত নাছিল আৰু তেখেতে এই কাৰ্যৰ দুৰ্ঘোৰ বিৰোধীতাও কৰিছিল। কাৰণ এনে কাৰ্যৰ দ্বাৰা জনসাধাৰণ উৎপাদনমূখী কৰ্মৰ পৰা বিৰত থাকে কিন্তু বিনামূলীয়া আঁচনিত চৰকাৰৰ খৰছৰ শিতান বহুত পৰিমাণে বাঢ়ি যায়। সেয়া জোৰা মাৰিবলৈ চৰকাৰে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ লগাবলগা হয়। ফলত মূল্যবৃদ্ধি হৈ দেশৰ তথা ৰাজ্যৰ জনসাধাৰণক কোঙা কৰে। বিশ্ব বেংকৰ তালিকাত ভাৰতবৰ্ষ উন্নয়ণশীল দেশৰ পৰা দৰিদ্ৰ দেশলৈ অবনমিত হোৱা প্ৰসংগ কিন্তু দেশ তথা ৰাজ্যৰ বিয়োগোম ৰাজনৈতিক নেতা সকলৰ মুখত শুনিবলৈ পোৱা নাই। দেশ তথা ৰাজ্যৰ অৰ্থনৈতিক পৰিকাঠামো নিৰ্মাণত শাসকীয় পক্ষ আৰু দেশৰ বিশিষ্ট অৰ্থনীতিবিদ সকলৰ আলোচনা-পৰ্যালোচনাৰ বাৰুকৈয়ে প্ৰয়োজন আছে। এই কথা সকলো পক্ষই অনুধাবন কৰিব লাগিব।
মুঠতে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰৰ পৰা দেশ তথা ৰাজ্যৰ জনসাধাৰণক পৰিত্ৰাণ দিবলৈ হ’লে শাসকীয় পক্ষই অযথা যুক্তি জনসাধাৰণলৈ আগনবঢ়াই দেশৰ সংবিধানে দিয়া পথ নিৰ্দেশনা মতেহে আগবাঢ়িব লাগিব নহ’লে মূল্যবৃদ্ধিৰ জুয়ে দেশ আৰু ৰাজ্যৰ উন্নয়ণ স্থবিৰ কৰি তুলিব পাৰে।