মুম্বাইৰ বান্দ্ৰাত নিৰ্মাণাধীন উৰণীয়া সেঁতো খহি পৰে

pc Times of India

মুম্বাইৰ বান্দ্ৰাত নিৰ্মাণাধীন উৰণীয়া সেঁতো খহি পৰে

অনলাইন বাৰ্ত্তাসেৱা- বান্দ্ৰা কুৰ্লা কমপ্লেক্সত নিৰ্মাণাধীন এখন উৰণীয়া সেঁতুৰ এটা অংশ খহি পৰাৰ পিছত ১৪ জন লোক সামান্য আঘাতপ্ৰাপ্ত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনোৱা অনুসৰি, পুৱা ৪.৪০ বজাত ঘটনাটো সংঘটিত হৈছিল।আহতসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। “বিকেচিৰ মুখ্য পথ আৰু ছাণ্টাক্ৰুজ-চেম্বুৰ লিংক ৰোড সংযোগী এটা নিৰ্মাণাধীন ফ্লাইঅভাৰৰ এটা অংশ পুৱা প্ৰায় ৪.৩০ বজাত খহি পৰে। ১৪ লোক সামান্য আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকক এখন চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে। কোনো প্ৰাণহানি হোৱা নাই আৰু কোনো ব্যক্তি সন্ধানহীন হোৱা নাই,” ডিচিপি মঞ্জুনাথ চিঙে কয়।

(RT.)