মুনীলৰ পানীবটল
নাজবিন চুলতানা, বকতা
পুহমহীয়া ৰ’দ পৰা দিনত টিনপাত গজলা মুনীলে ভাগৰত ফোপাই-জোপাই অলপ নামি আহি তেওঁৰ লগত অনা মোনাটোত খৰ-খেদাকৈ বিচাৰিব ধৰিলে তেওঁৰ পানীবটলটো ।কিন্তু সেইদিনা তেওঁৰ লগত পানীবটলটো নানিলে । মালিকৰ মানুহো কামত বাহিৰলৈ উলাই গ’ল দিনটোলে।তদুপৰি মুনীলৰ লগত অহা যোগালিজনো সেইদিনা কামত নাহিল।উপায় নাপাই মুনীলে পুনৰ কামত লাগিল।পানী অলপ পোৱা হ’লে পেটৰ ভোক অলপ কম হ’লহেঁতেন বুলি চিন্তা কৰি তেওঁ অলপকৈ টানি অনা ৰেজিন এখন ওপৰৰ হেলনীয়া ফালৰ পৰা খৰকৈ চুঁচৰি আহি মুনীলৰ ভৰিতে পৰিল আৰু হঠাৎ ৰেজিনৰ চুক এটা মুনীলৰ ভৰিৰ আঙুলিৰ সৈতে এডোখৰত সোমাই কাটি গ’ল।বহুত তেজ বিয়পিব ধৰিছে।তেওঁ লৰা লৰিকৈ কান্ধত থকা গামোচা খনৰ কিনাৰ ফালৰ পৰা ফালি তেজ ওলোৱা ঠাইত বান্ধি কামখিনি শেষ কৰিব বিচাৰিছে।কাম শেষ নহ’লে ঘৰখনলৈ আজিও খালী হাতে উভতিব লাগিব ।সন্ধিয়া ভোকে-পিয়াহে দুৰ্বল মুনীল ঘৰ পালেহি।মুনীলৰ পত্নী মিনুৱে গোহালিত গৰু বান্ধি ধূপ-ধোনা জ্বলাই আছে।মিনুৱে ঘৰত সোমাই লাইটৰ চুইছকেইটা দি দেখে চকীত মুনীল বহি আছে ভাগৰুৱা হৈ । তেনে অৱস্থাত মিনুৱে আচৰিত হৈ সুধিলে – “হে’ৰি, আপুনি এই আন্ধাৰত ইমান মনে মনে কিয় বহি আছে ? “
মুনীল – “গৰমপানী এগিলাচ দিয়াচোন খাবলে।গা ধুবলৈও পানী ঠিক কৰা।আজিটো পানীবটলটো নিদিলায়ে।দিনটো পানী এটুপিও পাবলে নাই ।”
মিনু-“অহ হ’ , দেখিছেনে ইমান পাহৰা হৈছো মই।পানী ভৰাই সাজু কৰাই থাকি গ’ল।মোনাটোত ভৰোৱাহে নহ’ল ।”
দুখী ভাৱেৰে কৈ কৈ মিনুৱে স্বামীক পানী খাব দি গা ধুব দিলে।গা ধুই আহি মুনীলে হালধি দি দুখ পোৱা ঘাঁ ডোখৰ কাপোৰেৰে বান্ধিব ধৰিলে।মিনুৱে তেওঁৰ স্বামীৰ আঘাতত চকুলো টুকিলে আৰু মুনীলে মানা কৰাৰ স্বত্বেও হোষ্টেলত থকা একমাত্ৰ জীয়েকক কথাবোৰ ক’লে।পত্নী মিনুৱে কোৱাৰ উপৰিও জীয়েকে হস্পিতালৰ চিকিৎসাৰ কথা বাৰে বাৰে সোঁৱৰালে।কিন্তু মুনীল হস্পিতাললৈ নগ’ল।জীয়েকে বহুবাৰ কোৱাতহে পিছদিনা গৈ টিটি বেজীৰে সৈতে চিকিৎসাও কৰালে।পুহনীয়া গৰুৰ বাবে মুনীলে ঘাঁহ কাটিবলৈ নৈ পাৰলৈ গ’ল।দিচাং নৈৰ পাৰত থকা হাবি, বিল আদিৰ পৰা ঘাঁহ কাটিছে।বহুতৰ মুখৰ পৰা শুনিছে তাত বোলে বাঘ ওলাব লৈছে।তাতে মানুহো নাই।জীৱ-জন্তুও কম।ভয়ে ভয়ে মুনীলে ঘাঁহ কাটি থকাৰ পৰাই চাইকেলত লাগি থকা মোনাৰ পৰা পানীবটলটো বিচাৰিব ধৰিলে।বটলটো হাতত পাই তেওঁ বহুতখিনি সাহস ঘূৰাই পালে।অলপমান পানী খাই ঘাঁহ লৈ মুনীল উভতি আহিল ঘৰলৈ।মুনীলে ৰাতি শোৱাৰ পাছত প্ৰায় পানী পিয়াহ লাগে।পুহমহীয়া ঠাণ্ডাত ৰাতি উঠি আহি পানী খোৱাতো এটা জটিল কাম।ঠাণ্ডা পানীত দাঁত সিৰসিৰণিৰ সমস্যা হয় সেয়ে অলপ বেছিকৈ গৰম পানী দি পত্নী মিনাক তেওঁৰ পানী বটলটোত ভৰাই দিব দিলে।বোলে শোৱা ঠাইতেই লৈ ল’ম।মুনীলৰ পত্নী মিনুৰ স্বাস্থ্য যথেষ্ট শকত।মুনীলে শোৱাৰ সময়ত পানীবটলটো লগতে লৈ লৈছে।বাহিৰত থ’লেও ঠাণ্ডা দিন যিহেতু ঠাণ্ডা হৈ যাব।পুৱা মুনীলে ঠাণ্ডাৰ প্ৰকোপত উঠি খালী বটলটোহে পালে তাকো শোটোৰা পৰা।তেওঁৰ সন্দেহ দুখেৰে যে “এই ৬৫ কেজিৰ ৰোলাৰখনৰ ভাৰ মোৰ পানীৰ বটলটোৱে সহ্য কৰি এই অৱস্থা লগা হ’ল “।