মুজুৰা কলা কেন্দ্ৰৰ ’নৃত্য মঞ্জৰী’

pc নীলা চৰাই

মুজুৰা কলা কেন্দ্ৰৰ ’নৃত্য মঞ্জৰী’

ৰঙিলী বাৰ্ত্তাসেৱা – সত্ৰীয়া নৃত্য আৰু গীত-বাদ্যৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান মুজুৰা কলা কেন্দ্ৰৰ সৌজন্যত শুকুৰবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি অনলাইন যোগে ’নৃত্য মঞ্জৰী’ নামেৰ এক মনোৰম সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ সাংস্কৃতিক অনুষ্ঠানটো উদ্বোধন কৰে একাডেমী ৰত্মৰে সন্মানীত নৃত্যাচাৰ্য যতীন গোস্বামীয়ে । সত্ৰীয়া শিল্পী পংকজ বৰুৱাৰ দ্বাৰা পৰিৱেশিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাট-মল্লাৰ ৰাগৰ ‘মধুৰ মূৰুতি মুৰাৰু’ বৰগীতটিৰে অনুষ্ঠানৰ শুভাৰাম্ভণী কৰা হয় । তাৰ পাছতে শিশু শিল্পী অহিৰ বৰুৱাই প্ৰদৰ্শন কৰে একক খোলবাদন । খোলবাদনৰ পাছত শিশু শিল্পী মূৰ্চনা শৰ্মা, বৈশালী গগৈ, নৈঋতি পৰাশৰ আৰু বৰষা গগৈয়ে অতি সুন্দৰভাৱে পৰিৱেশন কৰে এটি গুৰু বন্দনা । জ্যেষ্ঠ শিল্পী অলকা গোস্বামী, সুজাতা মিশ্ৰ আৰু অন্তৰা বৰদলৈয়ে মহাপুৰুষ মাধৱদেৱৰ নামঘোষাৰ  অন্তৰ্ভূক্ত ‘বস্তু প্ৰকাশ’ৰ ঘোষাটো পৰিৱেশন কৰি অনুষ্ঠানটো গাম্ভীৰ্য কৰি তোলে । ঘোষা পৰিৱেশনৰ  পাছতে নৃত্যশিল্পী অনন্যা ফুকন, নৱমল্লিকা ফুকন, নিশিতা দেৱী আৰু ঈশানী কাশ্যপ বৰুৱাই পৰিৱেশন কৰে সত্ৰীয়া নৃত্যৰ পুৰুষ ভঙ্গীৰ এক অন্যতম নাচ ঝুমুৰা নাচৰ ৰামদানি ভাগ৷ মাটি আখৰা, কৃষ্ণ নৃত্য আৰু শ্লোকৰ নাচ পৰিৱেশন কৰে ক্ৰমে প্ৰাচী শৰ্মা,ভাৱনা কলিতা, আকৃতি মহন্ত, অদিতি পাটগিৰী, ৰিদিপ্তা বৈশ্য, শ্ৰুতি হাজৰিকা, নিয়াশা মেধি, দিব্যাষ্ণী কাশ্যপ, মধুস্মিতা কলিতা,নিষ্ঠি কলিতা,মৃদুস্মিতা গগৈ আৰু তন্‌মি কলিতাই। বাদ্যযন্ত্ৰত সহযোগ কৰে পংকজ বৰুৱা(খোল), কৰুণা বৰা(বাঁহী), লীলা দাস আৰু ভবানন্দ ভূঞা(তাল) । শেষত নৃত্যশিল্পী ধনদা দেৱী, জ্যোৎস্না চেতিয়া ফুকন, অলকা গোস্বামী, অনন্যা ফুকন আৰু নৱমল্লিকা ফুকনে মহাপুৰুষ মাধৱদেৱৰ ‘অৱ সখি পেখো মদন গোপাল’ শীৰ্ষক বৰগীতটোৰ আধাৰত নৃত্যাভিনয় কৰি অনুষ্ঠানটো সোণত সুৱগা চৰায় । সমগ্ৰ অনুষ্ঠনটো পৰিচালনা কৰে মুজুৰা কলা কেন্দ্ৰৰ অধ্যাপিকা নৃত্যশিল্পী বাবী ভৰালী বৰুৱাই ।