মুজুৰা কলা কেন্দ্ৰৰ অংকীয়া ভাওনা আৰু সৃষ্টিমূলক নৃত্যৰ কৰ্মশালাৰ সামৰণি

মুজুৰা কলা কেন্দ্ৰৰ অংকীয়া ভাওনা আৰু সৃষ্টিমূলক নৃত্যৰ কৰ্মশালাৰ সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-  সত্ৰীয়া নৃত্য আৰু গীত-বাদ্যৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান মুজুৰা কলা কেন্দ্ৰৰ উদ্যোগত ১০ জুলাইৰ পৰা আৰম্ভ হোৱা অংকীয়া ভাওনা আৰু সৃষ্টিমূলক নৃত্যৰ কৰ্মশালাখন ১৭ জুলাইত সামৰণি পৰে । গুৱাহাটীৰ চানমাৰিৰ পেঞ্চনাৰ ভৱনত অনুস্থিত সামৰণি অনুষ্ঠানত অধ্যক্ষ বাবী ভৰালী বৰুৱাৰ পৰিচালনাৰে মুজুৰা কলা কেন্দ্ৰৰ শিল্পী সকলে প্ৰদৰ্শন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ‘শ্ৰীৰাম বিজয়’ অংকীয়া ভাওনাৰ অংশ বিশেষ “সীতা সয়ম্বৰ” । ইয়াৰ উপৰি কলা কেন্দ্ৰৰ শিশু শিল্পী সকলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতৰ আধাৰত এটি সুন্দৰ নৃত্য পৰিৱেশন কৰাৰ লগতে জ্যেষ্ঠ মহিলা সকলৰ দ্বাৰা যোগাসনৰো এটি অনুষ্ঠান আগবঢ়োৱা হয় । অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সভাপতি মঞ্জুলা হাজৰিকা, সুলেখিকা ৰাণী গোহাঁই, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী অৰ্চনা ভট্টাচাৰ্য, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক এহচান মজিদ,অসম জাতীয় বিদ্যালয়ৰ সত্ৰীয় শিক্ষক খগেন কলিতাকে আদি কৰি অনেক গণ্যমান্য ব্যক্তি৷ উল্লেখযোগ্য যে গুৰু পংকজ বৰুৱাৰ তত্ত্বাৱধানত খোলৰ শিক্ষা গ্ৰহণ কৰি সুখ্যাতিৰে বিশাৰদ ডিগ্ৰী লাভ কৰা ৰাণী গোহাঁইক মুজুৰা কলা কেন্দ্ৰৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটো সুন্দৰভাৱে আঁত ধৰে জিনুমণি বৰুৱাই ।