মুছলমান দম্পতীয়ে তিৰুমালা মন্দিৰলৈ দান কৰিলে ১.০২ কোটি টকা

Pc The Janambhumi

মুছলমান দম্পতীয়ে তিৰুমালা মন্দিৰলৈ দান কৰিলে ১.০২ কোটি টকা

ৰঙিলী বাৰ্ত্তাসেৱা–  চেন্নাইৰ এহাল মুছলমান দম্পতীয়ে অন্ধ্ৰ প্ৰদেশৰ বিখ্যাত তিৰুমালা তিৰুপতি দেৱস্থানমলৈ ১.০২ কোটি টকা দান কৰিছে।এই অনুদানৰ ভিতৰত আছে পদ্মাৱতী ৰেষ্ট হাউচৰ বাবে আচবাব, ৮৭ লাখ টকাৰ অধিক বাচন-বৰ্তন আৰু এছ ভি আন্না প্ৰসাদম ট্ৰাষ্টৰ বাবে ১৫ লাখ টকাৰ দাবীৰ খচৰা। সুবীনা বানু আৰু আব্দুল গনিয়ে মন্দিৰটো পৰিচালনা কৰা তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি) ট্ৰাষ্টক চেকটো হস্তান্তৰ কৰে।উল্লেখ্য যে,আব্দুল গনিয়ে মন্দিৰলৈ দান কৰা এইটো প্ৰথম বাৰৰ বাবে নহয়।কভিডৰ সময়ছোৱাত তেওঁ মন্দিৰৰ চৌহদত বীজাণুনাশক স্প্ৰে কৰিবলৈ এক বহু-মাত্ৰিক ট্ৰেক্টৰ-মাউণ্টেড স্প্ৰেয়াৰ দান কৰিছিল।তেওঁ আনকি পাচলি পৰিবহনৰ বাবে মন্দিৰলৈ ৩৫ লাখ টকাৰ ৰেফ্ৰিজেৰেটৰ ট্ৰাক দান কৰিছিল।