মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  ক’ভিডক লৈ জনসাধাৰণক সকীয়নি

Pc- Facebook

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  ক’ভিডক লৈ জনসাধাৰণক সকীয়নি

ৰঙিলী বাৰ্ত্তাসেৱা- তামুলপুৰত নিৰ্বাচনী সমাৱেশৰ সভাস্থলীৰ পৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক ক’ভিডক লৈ সতৰ্ক কৰি দিছে।  মুখ্যমন্ত্ৰী ড° শৰ্মাই জনসাধাৰণক ক’ভিড শেষ হোৱা বুলি নাভাবিবলৈ সকীয়নি দি সকলোকে ক’ভিডৰ ভেকচিন লোৱাৰ আহ্বান জনায়।মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে নির্বাচন আহিব আৰু যাব। কিন্তু জনসাধাৰণে যেন ক’ভিডৰ ভেকচিন ল’বলৈ নাপাহৰে।প্রতিদিনে ক’ভিডৰ সংক্ৰমণ ১,০০০লৈ বৃদ্ধি পালে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সাংবাদিকৰ আগত কয়।  নির্বাচন থাকক বা নাথাকক ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পালে চৰকাৰে ব্যৱস্থা ল’বই। নিৰ্বাচনৰ লগত ক’ভিডৰ কোনো সম্পর্ক নাই। উপ-নিৰ্বাচনৰ ক্ষেত্ৰতো দেশৰ নিৰ্বাচন আয়োগে ক’ভিড বিধি অনুসৰি নিৰ্বাচন অনুষ্ঠিত কৰিছে। ক’ভিডৰ দুটা ভেকচিন লোৱা লোককহে নিৰ্বাচনৰ কামত আয়োগে নিয়োজিত কৰিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে বিদ্যালয় খোলাৰ প্ৰসংগত  কয় যে ৰাজ্যখনত ক’ভিডৰ সংক্ৰমণৰ হাৰ নিম্নগামী হোৱা বাবেহে বিদ্যালয়সমূহ খোলা হৈছে। নহ’লে এটা প্রজন্ম পংগু হৈ যাব। তদুপৰি শিশুৰ ক্ষেত্ৰত ক’ভিডৰ সংক্ৰমণৰ সম্ভাৱনা যথেষ্ট দুর্বল বুলি ইতিমধ্যে বিজ্ঞানীসকলে কৈছে