মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ সন্থাৰ পৰা পদত্যাগ 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ সন্থাৰ পৰা পদত্যাগ 

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এচ’ছিয়েছনৰ সদস্য পদৰ পৰা পদত্যাগ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।বাৰ সন্থাৰ সভাপতিলৈ পত্ৰ লিখি সদস্য পদ ত্যাগ মুখ্যমন্ত্ৰীৰ।৫টা কাৰণ দেখুৱাই ৩ পৃষ্ঠাৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰীয়ে। গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰক লৈ বিতৰ্ক তুংগত থকাৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এচ’ছিয়েছনৰ সদস্য পদৰ পৰা পদত্যাগ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিষয়ক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এচ’ছিয়েছনৰ পৰা পদত্যাগ কৰাৰ পিছতে বাৰ এচ’ছিয়েছনৰ সদস্য পদৰ পৰা মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কৰা পদত্যাগে বিশেষ তাৎপৰ্য বহন কৰিছে । সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়,‘‘হাইকৰ্টৰ বিল্ডিংটো মই নতুনকৈ বনাব লাগিব । বাৰ এছ’চিয়েছনে ভাবে যে বনাব নালাগে । গতিকে বাৰৰ লগত যিহেতু একমত হ’ব নোৱাৰো আৰু চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে মই চৰকাৰৰ কাম কৰিব লাগিব সেইকাৰণে আগ্ৰহ নাথাকিলে থাকিব নালাগে বুলি ভাবো ।’’উল্লেখ্য যে, উচ্চ ন্যায়ালয়ক ৰংমহললৈ স্থানান্তৰ কৰিবলৈ লোৱা প্ৰস্তাৱত ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছিল । তাৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এচ’ছিয়েছনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰক লৈ তীব্ৰ বিৰোধিতা কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰিছিল ।