মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ মুকেশ আম্বানি আৰু অনন্ত আম্বানিৰ ২৫ কোটি টকা

Pc- Forbes

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ মুকেশ আম্বানি আৰু অনন্ত আম্বানিৰ ২৫ কোটি টকা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ শোচনীয় বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনতাক সহায়-সাহায্য আগঢ়োৱাৰ স্বাৰ্থত দেশৰ আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানি আৰু অনন্ত আম্বানিয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ কোটি টকাৰ সাহায্য আগবঢ়াইছে৷ ৰাজ্যৰ দুৰ্যোগপূৰ্ণ এই সময়ছোৱাত আগবঢ়োৱা এই আৰ্থিক সাহায্যৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মুকেশ আম্বানি আৰু অনন্ত আম্বানিক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছে৷ এক টুইট যোগে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে এই আৰ্থিক সহায়ে ৰাজ্যৰ বান পৰিস্থিতিৰে মোকাবিলা কৰাত সহায়ক হ’ব৷