মুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুটিত সূচনা হ’ব কৃষি বিপ্লৱৰ গুজৰাটৰ পৰা অসম পাবহি ১০৮জনী গীৰ গাই

মুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুটিত সূচনা হ’ব কৃষি বিপ্লৱৰ গুজৰাটৰ পৰা অসম পাবহি ১০৮জনী গীৰ গাই

ৰঙিলী বাৰ্ত্তাসেৱা-  গৰুখুটিৰ বেদখলমুক্ত ভূমিত আৰম্ভ হ’ব কৃষি বিপ্লৱ।গৰুখুটি প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা অনা হৈছে গীৰ গাই। অসম পাবহি ১০৮জনী গীৰ গাই।অসম চৰকাৰে এদিনত ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে।গৰুখুটিয়ে ৩ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য হিচাপে লৈছে।এই গৰুখুটি প্ৰকল্পতে মাছ, মাংস, কণী, হাহ, কুকুৰা,পাৰ, গাহৰি সকলো উপলব্ধ হ’ব।২৭ নৱেম্বৰত গৰুখুটি প্ৰকল্পলৈ আহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে ধলপুৰৰ উচ্ছেদিত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে বুজ ল’ব।
প্ৰকল্পত থকা গাহৰি ফাৰ্ম, গৰু ফাৰ্ম, পুখুৰী, খেতি পথাৰ আদিৰ পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।বহুমুখী কৃষি প্ৰকল্পত নিয়োজিত যুৱক-যুৱতীসকলৰ সৈতে মত বিনিময়ত মিলিত হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।