মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্রতিশ্রুতি হাস্যকৰঃ আপ

pc Times of india

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্রতিশ্রুতি হাস্যকৰঃ আপ

ৰঙিলী বাৰ্ত্তাসেৱা-   গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ পূর্বে এতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীবাসীলৈ মনত পৰিছে। দশক দশক ধৰি খােৱা পানী, কৃত্রিম বানপানী, জৰাজীর্ণ বাট-পথ, নলা নর্দমা, অন্ধকাৰ অলি-গলি, পার্কিঙৰ সমস্যাত ভুগি থকা মহানগৰবাসীৰ সমস্যা সমাধানৰ বাবে এইজন নেতাই কংগ্ৰেছ কিম্বা বিজেপি চৰকাৰৰ মন্ত্ৰী হৈ থাকোতে মনত নপৰিল। কিন্তু সমাগত নির্বাচনৰ আগে আগে এতিয়া মুখ্যমন্ত্রীজনৰ মহানগৰবাসীলৈ মনত পৰিছে। যােৱা দুটা দশক হিমন্ত বিশ্বই চৰকাৰৰ মন্ত্রিত্ব লৈ ঘোঁৰাৰ ঘাঁহ কাটি আছিল নেকি বুলি প্রশ্ন কৰিছে আম আদমি পার্টীয়ে।উল্লেখ্য যে মুখ্যমন্ত্রী শর্মাই এক বিবৃতিত প্ৰকাশ কৰিছিল যে তেওঁ বিজেপিৰ প্ৰাৰ্থীসকলক উপদেশ দিছে যে প্রচাৰকালত তেওঁলােকে এখন বহী লৈ ৰাইজৰ সমস্যাসমূহ লিখি ৰাখিব আৰু পৰৱৰ্তী সময়ত সেইবােৰ স্থানীয় বিধায়কক জমা দিব। আম আদমি পার্টীয়ে এনে উপদেশক হাস্যকৰ বুলি অভিহিত কৰি কয় যে গুৱাহাটী উন্নয়ন বিভাগ বুলি এটা চৰকাৰী বিভাগ আছেই আৰু বিভাগটোত জনতাৰ ধনেৰে দৰমহা পােৱা বিয়াগােম বিয়াগােম বিষয়া নিয়ােজিত হৈ আছে। জনতাৰ সমস্যা চিনাক্ত তথা সমাধান কৰিবলৈ বিভাগ দক্ষ নহয় নেকি বুলি প্ৰশ্ন কৰিছে আম আদমি পার্টীয়ে।