মুক্তি
সুশীল গগৈ
নকছাৰি,যোৰহাট
বাৰে বাৰে বিফল হোৱা মনালিছা অৱশেষত সাত বছৰৰ মূৰত মাক হ’ল। এতিয়াৰ পৰা স্বামী অনিৰ্বাণ আৰু শাহুয়েক মন্দাকিনীয়ে চলোৱা একথ্য যন্ত্ৰণাৰ পৰা তাই মুক্ত হল। ডা: অৰুণাভে অনিৰ্বাণৰ হাতত সন্তানটি তুলি দি ক’লে- এজনকহে বচাব পাৰিলোঁ।