মুক্তি – আয়নাল হক

PC - Shutterstock
মুক্তি
আয়নাল হক, ধুবুৰী 
অসুস্থ বন্ধনৰ পৰা
তাই বিচাৰে মুক্তি !
বহুত আশা আৰু সপোন লৈ
বিবাহ পাশত আৱদ্ধ হৈছিল তাই…।
এজন মৰমিয়াল হৃদয়বান স্বামীৰ কল্পনাত
বিয়াৰ আগতে পাৰ কৰিছিল
বহু উজাগৰী ৰাতি।
এজনী নাৰীৰ বাবে
কিমান স্পৰ্শকাতৰ হ’ব পাৰে
ফুলশয্যাৰ নিশাটি…!
স্বামীৰ অপেক্ষাত বহি থকা নাৰীয়ে
কৰি যায় মাথোঁ কল্পনা…কল্পনা…!
কিন্তু তাইৰ বেলিকা ?
মাতাল স্বামীৰ অস্থিৰ প্ৰৱেশত
কঁপি উঠিছিল তাই…!
স্বামী ৰৌণকে কৈছিল…
তোমাক বিয়া পতাৰ মোৰ ইচ্ছা নাছিল
একমাত্ৰ মাক-দেউতাৰ ইচ্ছাক সন্মান জনাই
তোমাক আনিলোঁ পত্নী কৰি
—মোৰ বিছনা সৌখন
শুভ ৰাত্ৰি পৰী—।
শুই পৰিছিল তেওঁ চোফাখনতে…।
সকলো সপোন থান-বান হৈছিল তাইৰ…!
বন্ধ কোঠাত সিহঁত সদায় অচিনাকি।
মাত্ৰ সামাজিক দৃষ্টিত তাই
ৰৌণকৰ পত্নী।
নালাগে তাইক এনে বন্ধন
তাই বিচাৰে মুক্তি।
অসুস্থ বন্ধনৰ পৰা মুক্ত হৈ
তাই ৰৌণককো দিব বিচাৰে মুক্তি…
যদিও সি নহয় সম্পূৰ্ণ নিৰ্দোষী…।