মুকলি কৰা হ’ল বহুপ্ৰতীক্ষিত বিজেপিৰ নৱনিৰ্মিত পঞ্চতাৰকাসদৃশ কাৰ্যালয়

PC - The Janambhumi

মুকলি কৰা হ’ল বহুপ্ৰতীক্ষিত বিজেপিৰ নৱনিৰ্মিত পঞ্চতাৰকাসদৃশ কাৰ্যালয়

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ বশিষ্ঠত নিৰ্মাণ কৰা বিজেপিৰ বহুপ্ৰতীক্ষিত নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয়  আনুষ্ঠানিক  ভাৱে উদ্বোধন কৰা হ’ল। ৬ মহলীয়া আটকধুনীয়া বাজপেয়ী ভৱন মুকলি কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই।সকলো অত্যাধুনিক সা-সুবিধা আছে এই নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয়ত। জানিব পৰা মতে, বিজেপিৰ দলীয়-কৰ্মীৰ সহায় আৰু সাহাৰ্যৰে নিৰ্মাণ কৰা হৈছে কাৰ্যালয়টো। উল্লেখযোগ্য যে, প্ৰায় ২৫ কোটি টকা ব্যয়সাপেক্ষে ১ লাখ বৰ্গ ফুট এলেকাত নিৰ্মাণ কৰা হৈছে এই কাৰ্যালয়টো। প্ৰায় ৫ সহস্ৰাধিক লোক একেলগে সমবেত হ’ব পৰা ছয়মহলীয়া এই কাৰ্যালয়টোত অতিথিশালা আৰু মিডিয়া চেণ্টাৰো আছে। লগতে আছে প্ৰায় ৪০০ লোক বহিব পৰা এক অত্যাধুনিক বিশাল প্ৰেক্ষাগৃহ।