মীন বিভাগ আৰু ফিছফেডৰ প্ৰয়াসত ৰাষ্ট্ৰীয় মীন পালক দিৱস, ২০২২ উদযাপন 

মীন বিভাগ আৰু ফিছফেডৰ প্ৰয়াসত ৰাষ্ট্ৰীয় মীন পালক দিৱস, ২০২২ উদযাপন 

ৰঙিলী বাৰ্ত্তাসেৱা–  যোৱা ১০ জুলাই তাৰিখে মীন বিভাগ আৰু ফিছফেডৰ প্ৰয়াসত বিস্তৃত কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় মীন পালক দিৱস, ২০২২ উদযাপন কৰা হয়। পুৱা ফিছফেডৰ ৰূপনগৰ মীন পামত দিৱসৰ লগত সঙ্গতি ৰাখি মাননীয় মীন মন্ত্ৰী শ্ৰী যুত পৰিমল শুক্লবৈদ্য মহোদয়ে ফিছফেণ্ডৰ উপাধ্যক্ষ, মীন সঞ্চালক আৰু অন্যান্য সকলৰ উপস্থিতিত গুণগত মানৰ মীন পোনা মেলি কাৰ্য্যসূচী শুভাৰম্ভ কৰে। ফিছফেণ্ডৰ পৰিচালন সঞ্চালক ডঃ ধ্ৰুৱজ্যোতি শৰ্মাই দিৱসটিৰ তাৎপৰ্য বাখ্যা কৰি আৱিষ্ট প্ৰজননৰ সফলতাক উজ্জীৱিত কৰাৰ অৰ্থে গুণগত মানৰ পোনা মেলনৰ প্ৰাসঙ্গিকতা অৱগত কৰি নাতিদীর্ঘ বক্তব্য ডাঙি ধৰে। মন্ত্ৰী মহোদয়ে তেখেতৰ অনুভৱ ব্যক্ত কৰি গুণগত মানৰ মাছ পোনা মেলন সময়ৰ আহ্বান বুলি মত পোষণ কৰে। তাৰ পাছতেই মীন মন্ত্ৰী গৰাকীয়ে মীন সঞ্চালকালয় চৌহদত বৃক্ষৰোপণ কৰে।ইয়াৰ পাছতেই মীন সঞ্চালকালয়ৰ সন্মিলনী কক্ষত আয়োজিত হয় আনুষ্ঠানিক সভাৰ। মীন উন্নয়ন বিষয়া অচিন্ত্য শ‍ইকীয়াই আঁত ধৰা মুকলি সভাত যুটীয়া মীন সঞ্চালক জয়প্রকাশ মেধীয়ে আদৰণি ভাষণ আৰু মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ মিচন সঞ্চালক ডঃ ৰমেন্দ্ৰ চন্দ্র বর্মণে উদ্দেশ্য বাখ্যা কৰাৰ পাছত বিভাগীয় বিষয়াদ্বয় ক্রমে মীন বিভাগৰ বিশ্ববেংক প্ৰকল্পৰ নডেল বিষয়া তথা ফিছফেডৰ পৰিচালন সঞ্চালক ডঃ ধ্ৰুৱজ্যোতি শৰ্মা আৰু মীন তথ্য বিষয়া ৰাতুল শৰ্মাই দিৱসৰ প্ৰেক্ষাপট, তাৎপৰ্য আৰু প্ৰাসঙ্গিকতা বাখ্যা কৰি আলোকপাত আগবঢ়ায়। অনুষ্ঠানত মীন সংগঠক তথা প্রগতিশীল মীন পালক শ্ৰী শৰৎ দাস, মুকুতাধাৰী শামুক পালক শ্ৰী ৰূলেন হাজৰিকা আৰু “দিহিং সমন্বিত কৃষি উদ্যান”ক তেওঁলোকৰ কৰ্মৰ স্বীকৃতিৰে ফুলাম গামোচা, প্ৰশস্তি পত্ৰ আৰু একোটি স্মাৰকেৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্দ্ধিত সকলেওঁ তেওঁলোকৰ উত্তৰণ বাখ্যা কৰি শেহতীয়া কাম-কাজ লানি অৱগত কৰে। সন্মানীয় অতিথিৰ আসনৰ পৰা ‘ফিছফেড’ৰ উপাধ্যক্ষ শ্ৰী যুত দিল্লু শৰ্মাই ৰাজ্যৰ মীন খন্ডৰ অগ্ৰগতি আশা কৰি উদগণিমূলক বক্তব্য দাঙি ধৰে। মুখ্য অতিথি মীন মন্ত্রী মাননীয় শ্ৰী যুত পৰিমল শুক্লবৈদ্যই আজিৰ মধুৰ ক্ষণত সকলোকে সেৱাৰ মনোভাৱৰে মীন খণ্ডৰ বিকাশৰ বাবে পণ লবলৈ আহ্বান জনায়। তেওঁ বাণপানীত ক্ষতিগ্ৰস্ত মীন পালক সকলক যৎপৰোনাস্তি সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ সকলোকে অনুৰোধ কৰে। মীন সঞ্চালক তথা অসম অসামৰিক সেৱাৰ জেষ্ঠ্য বিষয়া শ্ৰী যুত নির্মল কান্তি দেৱনাথে শলাগৰ শৰাই আগবঢ়ায়।