মিৰ্জাত হাস্য-ব্যংগ নাট যমপুৰীত পাপী আত্মা মঞ্চস্থ

মিৰ্জাত হাস্য-ব্যংগ নাট যমপুৰীত পাপী আত্মা মঞ্চস্থ

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- মিৰ্জা নাট্য গোষ্ঠীৰ উদ্যোগত যমপুৰীত পাপী আত্মা শীৰ্ষক হাস্য-ব্যংগ নাট ১৯ মাৰ্চ বুধবাৰে মিৰ্জা দুৰ্গা মন্দিৰ প্ৰাঙ্গণত সন্ধিয়া ৮ বজাত মঞ্চস্থ কৰা হয় ৷ নাট মঞ্চস্থ হোৱাৰ আগতে মঞ্চ মুকলি আৰু ভাষন ৰাখে বিজেপিৰ যুৱনেতা অনুপ কুমাৰ মেধিয়ে লগতে মিৰ্জা নাট্য গোষ্ঠীৰ লগত জৰিত স্বৰ্গগামি হোৱা শিল্পী,কলা-কৌশলী সকলক সমূহীয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ নাটখন ৰচনা কৰিছে অমূল্য চন্দ্ৰ পালে,নাট পৰিচালনা তপন কুমাৰ দাসৰ,সামগ্ৰিক পৰিচালনা,পৰিকল্পনা গোপাল কলিতাৰ, সংগীত পৰিচালনা ড° জীতেন দাস, নৃপেন কুমাৰ, সুমন কলিতাৰ ৷ নাটখনত অভিনয় কৰে ক্ৰমে পৰেশ শৰ্মা,তপন কুমাৰ দাস ,অমূল্য চন্দ্ৰ পাল, সোণটি শৰ্মা,বলেন্দ্ৰ চন্দ্ৰ কুমাৰ,বীৰেণ কুমাৰ,ৰবীন কুমাৰ দাস,প্ৰবিন চন্দ্ৰ দাস,প্ৰবিন কুমাৰ দাস,জয়ন্ত কুমাৰ বৈশ্য,প্ৰদীপ দাস,তপন দাস,ড° নৰেন দাস,ৰত্নেশ্বৰ কুমাৰ,শচীন কুমাৰ, আৰু গোপাল কলিতাই ৷ উল্লেখযোগ্য যে হাস্য-ব্যংগ নাট যমপুৰীত পাপী আত্মাৰ জৰিয়তে উদ্যোগক্তা সকলে সমাজ, ৰাজনীতি, শিক্ষকৰ চৰিত্ৰ, ভুৱা ডক্টৰ, লাট মণ্ডল, চৰকাৰী কাৰ্যলয়ৰ বিষয়ববীয়া,ট্ৰেডিং কেলেংকাৰী,নাৰী নিৰ্যাতন,পুৰুষ নিৰ্যাতন,ভুৱা আদৰ্শ খেতিয়ক আদিৰ নামত চলি থকা দুৰ্নীতি আৰু লুণ্ঠনৰ কথা নাটখনৰ মাজেৰে উপস্থাপন কৰিবলৈ সক্ষম হৈছে ৷ কেইবা শতাধিক দৰ্শকৰ উপস্থিতিৰে নাটখন মঞ্চস্থ হোৱাত উৎফুল্লিত হোৱা দেখা যায় উদ্যোগক্তা সকলক ৷