মিৰ্জাত মাঘী মেলা ২০২৫ ৰ শুভ উদ্ভোধনী
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ মিৰ্জাৰ পলাশবাৰী আৰ,বি, হাইস্কুল খেল পথাৰত ৮ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ আয়োজন কৰা হ’ব মাঘী মেলা ২০২৫ ৷ যোৱা বেলিৰ অভূতপূৰ্ব সফলতাৰ পাছত এইবেলিওঁ আয়োজন কৰা হৈছে এই অনুষ্ঠান ৷ যোৱাকালি বুধবাৰে সন্ধিয়া ৬ বজাত মাঘী মেলাৰ মুখ্য দুৱাৰৰ মুকলিৰ লগতে মেলা উদ্বোধন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই ৷ মাঘী মেলাৰ সাংস্কৃতিক মঞ্চ মুকলি কৰে শৰৎ হাজৰিকাই ( যুটীয়া সচিব,ৰূপান্তৰ আৰু উন্নয়ন বিভাগ, অসম চৰকাৰ ) বন্তি প্ৰজ্বালন কৰে কাৰ্যকৰী সভাপতি নয়ন কুমাৰ আৰু ধনঞ্জয় ঠাকুৰীয়াই ৷ উদ্ভোধনী ভাষন ৰাখে স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই ৷ উক্ত উদ্ভোধনী অনুষ্ঠানত উপস্থিত থাকে মাঘী মেলা উদযাপন সমিতিৰ সভাপতি পঙ্কজ কুমাৰ দাস,কাৰ্যকৰী সভাপতি ধনঞ্জয় ঠাকুৰীয়া, নয়ন কুমাৰ, উপ- সভাপতি ৰবিন দাস,যুগল কাকতি ,হৰমোহন দাস, তপন দাস,তপন দেৱান,সাধাৰণ সম্পাদক ভাস্কৰ ডেকা, সঞ্জীৱ কুমাৰ দাস,সহঃ সাধাৰণ সম্পাদক পাপৰি ডেকা,ভৱজিৎ বৰ্মন,কোষাধ্যক্ষ সৰোজ কুমাৰ ঠাকুৰীয়াৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি ৷ উল্লিখিত যোৱা বেলিৰ দৰে এই বেলিও মাঘীমেলা ২০২৫ ৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব আদৰ্শ গাওঁ, পুতলা নাচ, মেজি, বিভিন্নধৰণৰ পিঠাপনা প্ৰদৰ্শনী আৰু অসমৰ বিভিন্ন জিলাৰ পৰা অহা জনজাতীয় খাদ্য সম্ভাৰৰ লগতে থলুৱা খাদ্যৰ জুতি লব পাৰিব ৰাইজে ৷