মিঞা মিউজিয়াম ছীল কৰিলে গোৱালপাৰা জিলা প্রশাসনে

PC - The Janambhumi

মিঞা মিউজিয়াম ছীল কৰিলে গোৱালপাৰা জিলা প্রশাসনে

ৰঙিলী বাৰ্ত্তাসেৱা- লক্ষীপুৰত স্থাপন কৰা বিতর্কিত মিঞা মিউজিয়ামটো গোৱালপাৰা জিলা প্রশাসনে অৱশেষত ২৫ অক্টোবৰত ছীল কৰিলে । এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কঠোৰ হুংকাৰ দিয়াৰ পাছতেই গোৱালপাৰা জিলা উপায়ুক্ত খনীন্দ্ৰ চৌধুৰীৰ নিৰ্দেশত লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়া ৰাজীৱ গগৈয়ে ধুমেৰঘাটৰ দাপকাৰভিটা গাঁৱত মহৰ আলী নামৰ স্বয়ম্ভু নেতাজনে প্রধানমন্ত্রী আৱাস যোজনাৰ গৃহত স্থাপন কৰা মিঞা মিউজিয়ামটো ছীল কৰি দিয়ে। প্ৰশাসনৰ লোকে গৃহটোৰ ভিতৰত থকা মিউজিয়ামৰ সা সামগ্ৰীসমূহ বাহিৰ কৰি উলিয়াই দিয়ে ছীল কৰাৰ পূৰ্বে ।