মিছন বসুন্ধৰা আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই

pc The Sentinal Assam

মিছন বসুন্ধৰা আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই

অনলাইন বাৰ্ত্তাসেৱা – শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ আঁচনি মিছন বসুন্ধৰাৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাৰ মন্তব্য— এই মিছনে ভূমি সম্পৰ্কীয় জটিলতা নিষ্পত্তি কৰাৰ ক্ষেত্ৰত মধ্যভোগী আঁতৰ কৰাৰ লগতে জনসাধাৰণে যাতে অপ্ৰয়োজনীয়ভাৱে চৰকাৰী কাৰ্যালয়সমূহলৈ অহা-যোৱা কৰিব নালাগে, সেয়া নিশ্চিত কৰিব । মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে মুখ্যতঃ ভূমিৰ নথি উন্নীতকৰণৰ সমান্তৰালকৈ ৯টা সেৱাৰ জৰিয়তে ৰাজ্যবাসীক উপকৃত কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে। এই সেৱাসমূহ হ’ল— উত্তৰাধিকাৰী সূত্রে নামজাৰি, দলিল সূত্রে নামজাৰি, বিবাদমুক্ত বাটোৱাৰা, একচনীয়া পট্টাৰ ম্যাদী পট্টাকৰণ, মাটিৰ শ্ৰেণী পৰিৱৰ্তন, ৰাজহ নথিৰ পৰা দখল-স্বত্বহীন পট্টাদাৰৰ নাম কৰ্তন, আবণ্টিত মাটিৰ ম্যাদী পট্টাকৰণ, ভূমি নথিৰ সংশোধনী আৰু ভূমি নথিত পট্টাদাৰৰ ম’বাইল নম্বৰ অন্তৰ্ভুক্তকৰণ। আঁচনি উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰকাশ কৰে যে এই আঁচনিৰ জৰিয়তে অহা ৮ মাহৰ ভিতৰত ভূমিৰ সকলো সমস্যাৰ নিষ্পত্তিকৰণ কৰা হ’ব। ইয়াৰ বাবে বসুন্ধৰা প’ৰ্টেলত অনলাইনযোগে এতিয়াৰে পৰা ৩০ নৱেম্বৰলৈ আবেদন কৰিব পাৰিব। ৰাজহ বিভাগ তথা চক্র বিষয়াৰ কাৰ্যালয়ে অভিযোগসমূহ পর্যায়ক্রমে অহা বৰ্ষৰ ১০ মে’ৰ ভিতৰত নিষ্পত্তি কৰা হ’ব।