মা-লৈ এখন চিঠি -পাৰুল বৈশ্য, গুৱাহাটী

কবিতাৰ শিৰোনাম

মা-লৈ এখন চিঠি

পাৰুল বৈশ্য
গুৱাহাটী

তুমি ভালে আছানে মা
সাৱধানে থাকি, ঔষধ পাতিবোৰ
সময়মতে খাই আছানে—
এতিয়া বহুত দুঃ সময় চলি আছে ।
মোৰ লগৰ যে ৰীমা আছিল
তাইৰ আজি মাক ঢুকালে।
এসপ্তাহ ধৰি ৰীমা আৰু মাক
হস্পিটলৰ বিচনাত, ক’ৰনাৰ লগত
চট-ফটাই যুজি থাকোত থাকোতে
আজি মাকক ক’ৰনা নামৰ
ভয়ঙ্কৰ ৰাক্ষস টোৱে গিলি পেলালেওঁ মা।
মই অলপতে যেতিয়া ,সিহ’তৰ
ঘৰলৈ গৈছিলো—
সাহসী মাকজনীয়ে জীয়েক আৰু
মোক বাৰীৰ খনৰ ওচৰলৈ লৈ গৈ
কি কৈছিল জানানে—–?
চোৱাচোন এই দুজোপা
ৰঙা চন্দনৰ গছ আৰু
সৌ দুজোপা বগা চন্দনৰ গছ।
মোৰ যেতিয়া মৃত্যু হ’ব
এই চন্দন গছৰ খৰিৰেহে , তোমালোকে মোক জ্বলবা দেই।
ৰীমাই তেতিয়া মাকক
খুব খং কৰিছিল।
কঠিন বাস্তবক সহজ ভাবে
স্বীকাৰ কৰি ল’ব বিচৰা
মাকজনীয়ে তেতিয়া কৈছিল-
শুনিবলৈ কিছুমান কথা অপ্ৰিয় হ’লেওঁ সত্য সদায় সত্যই।
চন্দন কাঠেৰে জ্বলিব বিচৰা
মাক জনীক আজি চৰকাৰে
আন মানুহৰ দ্বাৰা
জ্বলাই দিলেওঁ মা।
সৰুতে দেউতাক ঢুকাল।
সন্তান নহোৱাৰ দোষত
বিয়াৰ পাচঁ বছৰ পাছত
গিৰিয়েকেওঁ খেদি পঠালে।
তাই এতিয়া কেনেকৈ জীয়াব মা।
কি বুলি সান্তনা দিম মই তাইক
কোৱানা , কোৱানা মা—-.
:::::::::::;::::::::::::::::::::::::;:::::::::::;