মা – অনুপম  শৰ্মা

মা
অনুপম  শৰ্মা
মা,তোলৈ মোৰ কিমান ভালপোৱা
ভাষাৰে বুজোৱা টান!
মা তোৰ কোলাত শুই  জিৰণি ল’বলৈ আকৌ মন গৈছে।
মা আকৌ শুনাবি নে নিচুকণি গীত?
বৰ মন গৈছে তোৰ পৰা সাধুকথা
শুনিবলৈ!
অ,’মা,তোৰ মৰমৰ পৰা মোক পৃথক নকৰিবি।।!
অ’,মা,তোৰ মৰম লৈ জীৱন সুন্দৰ কৰিব পাৰিছোঁ।
 তোৰ মৰমত জীয়াই থকা সাহস পাইছোঁ।
অ’,মা আকৌ মাত না এবাৰ ‘জান’ বুলি!
তই,’জান’ বুলি মাতিলে কিমান যে  ভাল লাগে মোৰ মনটো!
তোৰ হাতৰ তৃপ্তিৰে বনোৱা ভাতসাজ আজি অতীত হ’ব নিদিবি না!
কেনেকৈ পাৰ কৰিম তোৰ অবিহনে মোৰ জীৱনৰ মধু আবেলিবোৰ?
অ’ মা,তই সদায়ে থাকিব লাগিব মোৰ কোমল কলিজাত!
আগবাঢ়ি যোৱাত সাহস হৈ ।