কৰ’না মহামাৰীয়ে যেন বুজাই দিছে মানুহৰ জীৱনত কেৱল উশাহৰ মূল্যহে আছে তাৰ বাহিৰে এতিয়া ধন-সম্পত্তি, লাহ-বিলাহৰ মূল্য নাই৷ সকলো নিৰৰ্থক। জীৱনৰ ৰংবোৰ হেৰাই যাবলৈ ধৰিছে। ৰংহীন জীৱনত মুখাৰ তলত হাঁহিবোৰ হেৰাই যাব ধৰিছে। নাজানো মানৱজাতিৰ কি অপৰাধ হৈছে? কি ভুলৰ বাবে আজি ভোগ কৰিছো এই ভয়ানক সময়বোৰ। চাওঁতে চাওঁতে কৰ’নাই কাঢ়িছে জীৱন, কৰ’নাই কাঢ়িছে জীৱিকা, কাঢ়িছে দুখীয়া-দৰিদ্ৰৰ প্ৰেম৷ কৰিছে চিৰদিনৰ বাবে আপোনজনৰ সৈতে বিচ্ছেদ। কৰ’না ভাইৰাছে কাঢ়িছে বুকুৰ আপোনজনৰ অন্তিম দৰ্শন।
ইমানখিনিৰ পাছতো মানুহে কেনেকৈ হাঁহিব পাৰিব! তথাপি পৃথিৱীৰ শ্ৰেষ্ঠ মানৱজাতি কিন্তু ভাগৰি পৰা নাই৷ ‘সংগ্রামেই আনি দিয়ে জীৱনৰ নতুন তৰংগ’। সমস্ত হেৰুৱায়ো বহুজনে জীৱন জীয়াবৰ বাবে ৰাজহাড় পোন কৰি খোজ পেলাইছে নতুন বাটেৰে। নিজৰ ওপৰত প্ৰবল বিশ্বাস আৰু সাহসেৰে স্বাৱলম্বী হ’বলৈ চেষ্টা কৰিছে। এই ভয়ানক ভাইৰাছটোক পৰাজিত কৰি মানৱ সভ্যতাৰ জয়গুণ গাবলৈ নতুন পুৱা এটাৰ বাবে অপেক্ষা কৰিছো। অস্থিৰতা, অনিশ্চয়তাবোৰ সোনকালেই যাতে আমাৰ মনবোৰৰ পৰা আঁতৰি যায় তাৰ বাবে আমি সকলো সময়তে এটা ধনাত্মক চিন্তাৰে আগবাঢ়িব লাগিব। সহ্য, ধৈর্য, সংযম, আত্মবিশ্বাস মানৱজাতিৰ একোটা মহান গুণ। বর্তমান পৰিস্থিতিত আমি এই সকলোবোৰ কথাৰ ওপৰত ভৰসা ৰাখি আগবাঢ়ি যাব লাগিব। দৃঢ় আত্মবিশ্বাস আৰু পৰম আকাংক্ষাৰে বাট চাই আছো ভাল সময়বোৰ ঘূৰি অহালৈ। নিশ্চয়কৈ আমি ঘূৰাই পাম আমাৰ জীৱনৰ ৰঙীন দিনবোৰ, আকৌ হাঁহিম আপোনজনৰ লগত মুক্ত মনে। কালৰূপী, কৰ’না ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ এতিয়া মাস্কখন হৈ পৰিল আমাৰ জীৱনৰ এটা অভিন্ন অংগ। মাস্কখন এতিয়া ভাইৰাছৰ স’তে যুদ্ধ কৰাৰ এপাট শক্তিশালী অস্ত্র। জীৱন জীয়াবলৈ এতিয়া মাস্কখন পিন্ধিবই লাগিব। আনফালে এই মাস্কখন হৈছে আমাৰ বাবে এতিয়া আটাইতকৈ বেদনাৰ কাৰক। হায়! মানৱজাতিৰ আজি কি বিড়ম্বনা। বর্তমান আমি জীয়াই থাকিবলৈ আপোনজনৰ পৰা আঁতৰত থাকিব লাগিব। নাক আৰু মুখ ঢাকি আপোনজনৰ সুবাসৰ পৰা বঞ্চিত৷ এনেকুৱা এটা পৰ্যায় আহি পৰিছে যে পিতৃ-মাতৃয়েও নিজৰ সন্তানৰ পৰা পোৱা আপোন সুগন্ধৰে পুলকিত হোৱা সময়ৰ অন্ত পৰিল। পৃথিৱীত ইয়াতকৈও আৰু কিবা বেদনাদায়ক কথা থাকিব পাৰে বুলি কল্পনাও কৰিব নোৱাৰি। এনেকুৱা অনুভৱ হ’ব ধৰিছে যেন প্রচণ্ড হতাশা আৰু আতংকত আমিবোৰ বোবা হৈ পৰিম। ক্রমান্বয়ে আপোনজনৰ স্পৰ্শ পৰস্পৰৰ পৰা হেৰাই যাব। কিবা এক অজান আশংকাই বাৰে বাৰে বুকু কঁপাই তুলিছে। প্রশ্ন হৈছে আপোনজনৰ সুগন্ধ অথবা এই ধুনীয়া পৃথিৱীখনৰ সুঘ্রাণ নোপোৱাকৈ আমি কিমান দিনলৈ জীয়াই থাকিব পাৰিম? মনৰ মাজলৈ এতিয়া অনেক প্রশ্নৰ অৱতাৰণা হ’বলৈ আৰম্ভ কৰিছে যাৰ সমিধান কোনোপধ্যে ক’তো বিচাৰি নাপাওঁ। কোৱা হয় যে বিপদৰ সময়ত যেতিয়া কোনো উপায় দেখা পোৱা নাযায় তেতিয়া কেৱল ঈশ্বৰেই সাৰথি। সঁচাকৈয়ে পৃথিৱীখনক এই কালৰূপী ভাইৰাছৰ পৰা মুক্ত কৰিবলৈ নেদেখাজনক দিনে-ৰাতিয়ে কেৱল প্ৰাৰ্থনা কৰিছো৷ মানৱজাতিয়ে কৰা অজানিত ভুল-ত্রুটিবোৰ ক্ষমা কৰি ঈশ্বৰে যেন এটা নতুন প্রভাতৰ উদয় কৰে, য’ত আমি মাস্কবিহীন মুকলি জীৱন এটাৰে আপোনজনৰ সুগন্ধ হৈ উশাহ ল’ব পাৰো।