মালিগাঁৱত ৰহস্যজনকভাৱে উদ্ধাৰ ৰে’লৱেৰ কৰ্মচাৰীৰ মৃতদেহ

Pc- hindustan times

মালিগাঁৱত ৰহস্যজনকভাৱে উদ্ধাৰ ৰে’লৱেৰ কৰ্মচাৰীৰ মৃতদেহ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ মালিগাঁৱত পুনৰ মৃতদেহ উদ্ধাৰ।উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ নিৰ্মাণ মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ৰ তলত ৰহস্যজনকভাৱে উদ্ধাৰ কাৰ্যালয়টোৰ কৰ্মচাৰী আফাজ আলী চৌধুৰীৰ মৃতদেহ।আফাজ আলীৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট আছে।আৰক্ষীয়ে লোকজনৰ মৃতদেহটো ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷পৰিয়ালৰ লোকে জনোৱা মতে, মঙলবাৰে কাৰ্যালয়লৈ আহিছিল যদিও নিশা ঘৰলৈ উভতি যোৱা নাছিল আফাজ আলী চৌধুৰী।পৰিয়ালৰ লোকে নিশাই জালুকবাৰী আৰক্ষী থানাত দাখিল কৰিছিল এখন এজাহাৰ।কিন্তু কাৰ্যালয়ৰ পিছফালে ৰহস্যজনকভাৱে উদ্ধাৰ হয় কৰ্মচাৰীজনৰ মৃতদেহ।