মায়া নগৰীৰ স্বপ্নশিখা
মুন শৰ্মা, লখিমপুৰ
কেইটামান বছৰৰ আগৰ কথা। বহু সময় আশাৰে অপেক্ষা কৰি নিৰাশ হৈ অহা বাটে উভতি গ’ল অনুৰাগ। আজি তিনি দিন হ’ল তাই অহা নাই কলেজলৈ। এই তিনি দিন কলেজ নোপোৱা আগতে পোৱা কৃষ্ণচূ়ৰা জোপাৰ কাষত ৰৈ থকা অনুৰাগ আজি বৰ চিন্তিত।ক’ত গ’ল তাই, কালি তাই মাকে ডিউটি কৰা চিকিৎসা লয় খনৰ ফালে গৈছিল কিন্তু বিশেষ একো জানিব নোৱাৰিলে তাইৰ কথা।আজি এমাহ হ’ল তাইক দেখি থকা কলেজীয়া সজাত বৰ মৰম লাগে, যিয়েই নেকি তাক তাইৰ প্ৰতি আকৰ্ষিত কৰিলে।অনবত তাইৰ কথা ভাবিব ধৰিলে, এক প্ৰকাৰে তাৰ মনৰ মাজত বাঁহ বান্ধিলে তাই মাথোঁ তাই।তিনি দিন গুচি গ’ল এদিন গম পালে তাই এই চহৰত নাই,, বহু দুৰৰ এখন ঠাইলৈ মাক বদলি হৈ যোৱাত তাই মাকৰ লগতে গ’ল। অনুৰাগৰ মনটো এনেই বেয়া হৈ আছিল তাতে এই খবৰে আৰু বেয়া কৰি পেলাইছিল। তথাপি সি নিজক সান্তনা দিছিল।সময় বাগৰি আজি ৭ বছৰ গুচি গ’ল তাইক কোনো দিন লগ পোৱা নাই অনুৰাগে কিন্তু মনত সদায় ৰৈ গ’ল তাইৰ ছবি খন। বহু চেষ্টা কৰিও তাইৰ প্ৰতি আকৰ্ষণৰ পৰা সি ওলাই আহিব নোৱাৰিলে।সিফালে অতদিন মনত পুহি ৰখা বহুতো সপোন পূৰণ কৰাৰ বাবে অনুৰাগ বৰ্তমান মুম্বাইত। পঢ়া শেষ কৰি, তাৰ লগতে মাক দেউতাৰ সপোন বোৰ দিঠক কৰাৰ হেঁপাহেৰে সি কাম বিচাৰি আহি আহি মুম্বাই পালেহি। মাক দেউতাকে বিচাৰিছিল সি ওচৰৰ কেনিবা থাকক।কিন্তু তাৰ মনে মিলা কাম ঈশ্বৰে ঠিক কৰি থৈছিল দূৰত। ফলত ঘৰৰ অনিচ্ছা সত্ত্বেও সি তালৈ বুলি গুচি গ’ল।সি মুম্বাইত থকা আজি তিনি বছৰ হ’ল। ঈশ্বৰৰ কৃপাত সকলো ঠিকেই আছে। চাকৰি টো সৰু কিন্তু আক্ষেপ নাই কাৰণ অধিক কিবা বিচৰাকৈ হাতত পোৱা টোতে সন্তুষ্ট থাকিব সি শিকিছে সৰু পৰা আৰু মনে ভালপোৱা কামটো যে কৰিব পাৰিছে ভিৰৰ মাজতে সেয়া বহুত বুলি সি বুজি পাইছে।এই তিনি বছৰৰ মাজৰে এটা দিন সেই দিনা দেওবাৰ। অফিচ বন্ধ লগৰ তিনিজন বন্ধু মিলি তাৰ বিভিন্ন প্লেন কৰি ওলাই গ’ল ৰবিবাৰ টো উপভোগ কৰোঁ বুলি।সময় তেতিয়া আবেলি ২বাজি ৪০ মিনিট। সি আৰু তাৰ বন্ধু তিনি জনে মিলি মেৰিন ব্ৰিজৰ ওচৰৰ এখন ৰেস্তোৰাত আহাৰ খাবলৈ বুলি সোমাই গ’ল।বহুতো মানুহ ।কিছু বিদেশী মিলি ভৰি থকা তাত এটা সময়ত তাৰ চকু এজনী ছোৱালী ওচৰত পৰিছিল বহু সময় চাই আছিল কৰবাৰত যে তাইক সি দেখিছিল তেনে লাগিল ।কিছু সময়ৰ পাছত অনুৰাগে চিনি পাবলৈ সক্ষম হ’ল ছোৱালী জনী সি মনত অতদিন সেই বিশেষ নাৰী জনী বুলি। কিছু পৰিবৰ্তন হৈছে আগৰ সেই লাজুকীয়া স্বভাৱ নাই। এজনী চঞ্চল বাউলী প্ৰিয়া।মন বোৰ ভাল লাগি গ’ল অনুৰাগৰ। ইমান দিনে কলিজাৰ কোনোবা এঠাইত বিষাদ হৈ থকা তাই আজি এমুঠি সুখলৈ ৰূপান্তৰ হল সেই ঠাইতে।অলপ পাছত তাই উঠি গ’ল লগতে উঠি গ’ল অনুৰাগ। বন্ধু কেইজনে পাছৰ পৰা মাতিলে, কিন্তু সি সেয়া গুৰুত্ব নিদিলে। মাথোঁ সিহঁতৰ পিছত হে গল না লগ ধৰিল না কথা পাতিলে সিহঁত কত গল সেয়া হে সি লক্ষ্য কৰিলে।পাছ দিনা অনুৰাগ অফিচ নগল তাইক বিচাৰি আগ দিনা যোৱা ঠাই লৈ গল।সেই দিনা সি তাইক লগ নাপালে তেনেকৈ তিনি দিন লগ নোপোৱা পাছত এদিন দি লগ পালে তাইক।Hii মই অনুৰাগ শইকীয়া। তুমি স্বপ্নশিখা দত্ত নহয় জানো। তাৰ কথা ছোৱালী জনী আচৰিত হৈ কলে হয় আপুনি মোৰ নাম কেনেকৈ জানিলে। তাৰ পাছত অনুৰাগে সকলো কথা বিবৰি কলে সেয়াই আৰম্ভনি কম দিনৰ ভিতৰতে সিহঁতৰ বন্ধুত্ব স্থাপন হল।স্বপ্ন শিখা দত্ত মুম্বাই এটা ব্যক্তিগত খণ্ডৰকম্পেনী ৰ ডাঙৰ চাকৰিয়াল। মাক দেউতাক অসমত থাকে আৰু তাই মুম্বাইত থাকে। কিছু দিন তাইৰ লগত থকাৰ পাছত আমুৰাগে লক্ষ্য কৰিলে ছোৱালী জনী পিন্ধন উৰণ আচাৰ ব্যৱহাৰ কিবা অসমীয়া বা ভাৰতীয় দৰে নালাগে বিদেশী সংস্কৃতি প্ৰতি তাই আকৃষ্ট।সপ্তাহত তিনি দিন প্ৰায় আৰব সাগৰৰ পাৰত তাইৰ বন্ধু বান্ধৱীৰ লগত বহু নিশা লৈ পাৰ্টি কৰে ক্লাবত ড্ৰাগছ গ্ৰহণ কৰে। আৰু বহুতো কৈ যেন শেষ কৰিব নোৱাৰি।কথা বোৰ জানি তাৰ ভয় লাগি গল। ইমান দিনেই সপোন ৰাণী ৰূপে দেখি অহা ৰাণী জনী এনেকুৱা হব বুলি সি ভবা নাছিল।এদিন বুদ্ধি কৰি মাক দেউতাৰ লগত কথা পাতিলে সি নিজক তাৰ বন্ধু বুলি চিনাকি দি সি সকলো কথা কলে তাইৰ ।মাক দেউতাক মুখৰ পৰা উত্তৰ খিনি শুনি তাৰ চকুৰে চকুলো নিগৰি আহিল।বুজি উঠিল তাই অবাটে যোৱা এজনী ছোৱালী। বন্ধু হিচাপে তাৰ দায়িত্ব আছে তাইক ভুল পথৰ পৰা আঁতৰাই আনি শুদ্ধ পথলৈ টানি আনটো।ভবা মতেই কাম তাইক বহুত বুজালে আৰু বহুত চেষ্টা কৰিলে যাতে এই বোৰৰ আঁতৰি আহে কিন্তু ভবা মনে নহল একো ওলোটাই সিহঁতৰ বন্ধুত্ব বেয়া হৈ পৰিল।অনুৰাগৰ লগত বন্ধুত্ব শেষ কৰা মানসেৰে তাক এদিন মাতি লগৰ দুটামান লগাই বেয়াকৈ মাৰপিট কৰি বহুত কথা কৈ আঁতৰি থাকিব সকিয়াই দি আঁতৰি গল।এক মাহ পাৰ হল নাই কোনো যোগাযোগ সিহঁতৰ মাজত। সময় ও লাগিল অনুৰাগ সুস্থ হৈ উঠিবলৈ । এদিন ভাল পোৱাত মনৰ দুখ বোৰ পাতল কৰো বুলি নিশা ওলাই গল অলপ অনুৰাগ ঘূৰি অহা পথত সি দেখিলে দুটামান লৰাই এজনী ছোৱালীক নকৰিব লগা কাম কৰিব বিচাৰিছে আৰু ছোৱালী জনিয়ে সহায় বিচাৰি কৰুণ ভাবে চিঞৰি আছে।লগে লগে সৰু পৰা মানুহক সহায় কৰা মনটো জাগি উঠিল। কিন্তু ভয় খালে অলপ তথাপি সাহস কৰি আগুৱাই গল।ঠাই খিনিত পায়েই ক্ষন্তেক চক খাই গল। ছোৱালী জনী দেখোন স্বপ্ন শিখা। আৰু লৰা কেইটা মোক মাৰপিট কৰা লৰা কেইটা।অলপো সময় নষ্ট নকৰি সি সিহঁতৰ ওপৰত জঁপিয়াই পৰিল। সিহঁতৰ বেহু ফালি তাইক লৈ পলাল। আধা বাটত তাই বেহুচ হৈ পৰিল লগে লগে তাইক মেডিকেল ভৰাই দিলে। মাক দেউতাকক খবৰ দিলে আহি পোৱালৈ তাইক ৰখি থাকিল।দুটা সপ্তাহৰ পাছত স্বপ্ন শিখা ই চকু মেলিল ।এদিন পাছত বহুত কান্দিলে । তাৰ পাছদিনা অনুৰাগক ক্ষমা খুজিলে।I AM Sorry অনুৰাগ মোক ক্ষমা কৰা তুমি মোৰ বহুত ডাঙৰ ভুল হৈ গল।একো নাই শিখা, মোক খুজিব নালাগে মা আৰু দেউতাক ক্ষমা খোজা। আচলতে কি জানা মানুহৰ জীৱনত ভুল হোৱাটোও স্বাভাৱিক। ভুলৰ পৰা শিক্ষা লৈ আগুৱাই যোৱাটো আমাৰ কাম।ঠিক আছে অনুৰাগ মই , তুমি আৰু মা দেউতাই বিচৰা দৰেই হম আজিৰ পৰা।সিফালে মাক আৰু দেউতাকে ফেঁকুৰি কান্দি থকা তাইক মৰম কৰি কলে আই হোৱাটো হৈ গল ভাবি নাথাকিবি নতুনকৈ জীৱনটো আৰম্ভ কৰা। আৰু অনুৰাগ তুমি তাইক চাবা আমি যোৱাৰ পদত এদিন দুদিন নহয় গোটেই জীৱন তাইক চাব লাগিব। তোমাৰ বাহিৰে আৰু কাকো দিব নিবিচাৰোঁ তাইৰ কাষত আজীৱন থকাটো।