মায়া -কৌশল্যা বৰা

PC-Unsplash

(নাতিদীর্ঘ গল্প)

মায়া

নিগেটিভ অহা বাগানৰ পেচেণ্ট কেইজনক চৰকাৰী গাড়ীৰেই ঘৰত থোৱাৰ ব্যৱস্থা কৰা হ’ল। গাড়ীখনৰ পৰা নামি থৰক-বৰক খোঁজেৰে কোনোমতে শৰীৰৰ ভাৰ বহন কৰি আহি জপনাখন খুলিলে তাই। বাঁহৰ দুৱাৰৰ শিকলিত লগাই থোৱা তলাটো খুলিবলৈ তাইৰ হাতখন থৰ থৰকৈ কঁপিছে।–পৃথিৱীৰ সমস্ত ৰংবোৰ দূৰৰ পৰা দেখা ফুটছাঁই বৰণীয়া হিমালয় পৰ্বতটোৰ দৰে অস্পষ্ট হৈ তাইৰ দিগ্ -বিদিগ্ হেৰুৱাই দিছে। প্ৰচণ্ড বা-মাৰলীত টুলং-ভুটুং কৰা নাওখনৰ দৰে অসহায় তাই-। মজিয়াখনত বহি পৰিল দুআঁঠুত মূৰটো গুজি। চকুৰ আগেদি অহা-যোৱা কৰিছে কেৱল– তাইৰ ওচৰেদি লৈ যোৱা– কাপোৰেৰে ঢকা, বিচনাত পেচেণ্টৰ নাম্বাৰটো আৰু নামটো লিখা মানুহটো। নাৰ্চে কৈ যোৱা অবিশ্বাস্য যেন লগা কথাকেইটা–‘ বিৰু কুৰ্মী ,তোমাৰ মানুহজন ঢুকাইছে।-তোমাক ৰিলিজ দিয়া হৈছে—‘। ববুৱা বিহীন জুপুৰীটোত সৰ্বস্ব হেৰুৱাই কান্দিবলৈও পাহৰিছে লক্ষ্মীয়ে।, ১৪ দিনৰ আগৰ এই কোঠাটোতে দুটি প্ৰাণী বুৰ গৈ আছিল এখন অনাবিল সুংখৰ সাম্ৰাজ্যত, পৃথিৱীৰ সমস্ত ঐশ্বৰ্য-প্ৰাচুৰ্যইও দিব নোৱাৰা শান্তিৰ মাজত। বাগানৰ মালিক জৈনৰ গাড়ী চলাই অনাথ আশ্ৰমত কাপোৰ বিলাবলৈ যোৱা ববুৱাই ৰঙা শাৰীখন আচুতীয়াকৈ লুকুৱাই থৈছিল তাইলৈ আৰু এদিন লক্ষ্মীৰ অনাথৰ নাথ হৈ চম্- -জি লৈছিল সি চিৰজীৱন বুকুৰ মাজত ৰখাৰ মৰমৰ প্ৰতিশ্ৰুতিৰে –।যোৱা ৰাতি অসহ্য হৈছিল লক্ষ্মীৰ,–কাহি কাহি মাতটো নোলোৱা হৈ যোৱা ববুৱাক দেখি-! আন্ধাৰলৈ ভয় কৰা লক্ষ্মীক ববুৱাই কৈছিল, –‘কিবা এটা উপায় কৰিবি। গাটো বৰ বেয়া লাগিছে। মই ঘুৰি যাব পৰাৰ আশা কম।’ –অসহিষ্ণু, অনিশ্চয়তা, নিসংগতাৰ জ্বালাময় জীৱনৰ সতে মুখা-মুখি হোৱাৰ মানসিক শক্তি তাই হেৰুৱাই পেলাইছে। মজিয়াতে বহি বহি ৰাতি পুৱাল। এনেকৈ দুদিন পাৰ হ’ল। এগিলাচ পানীও পৰা নাই তাইৰ পেটত।ববুৱাৰ স্মৃতিৰ বাদে ভোক, টোপনি, ভাগৰ অনুভৱ কৰিবলৈ তাইৰ মনত জেগা নাই। লেবেজান তাই–! তাইকো লাগে মুক্তি। মানুহক ইমান শাস্তি দিয়া ঈশ্বৰৰ পৃথিৱীখনত তাই আৰু নাথাকে–।
: ‘উঠ্, যা গাটো ধুই আহ। কিবা অলপ আনিছো খাই লবি। ভগৱানে নামাৰিলে মৰিব পাৰিবি জানো?’ লেবেজান চকুহাল মেলি তাই দেখিলে, হাতত দুটা টোপোলা লৈ সন্মুখত সৰস্বতী। যাক তাই এক মূহূর্তও সহ্য কৰিব নোৱাৰিছিল , হকে-বিহকে বুঢ়া-ঠেৰা সকলোৰে সৈতে পেংচালি মৰা তাইৰ স্বভাৱটোৰ বাবে। ববুৱাৰ সৈতে এই লৈ কেইবাদিনো কাজিয়াও কৰিছিল। সতৰ্ক কৰি দিছিল সৰস্বতীক সিহঁতৰ ঘৰলৈ নাহিবলৈ ।
:– ‘মই জানো, তই অকলে থাকিব নোৱাৰ বুলি। মইও তোৰ লগতে থাকিম। যা খাই লৈ বিচনাখন ঠিক কৰ। জানই দেখোন, মোৰও কোনো নাই ।পৃথিৱীখনত মোৰ বুলিবলৈ একো নাই লক্ষ্মী-! দেখিছ মোক? ভয়লগা, দুখলগা, ভাললগা, বেয়ালগা চববোৰ সামৰি কেনেকৈ জীয়াই আছো। চবৰে লগত হাঁহো-মাতো কিন্তু নিজৰ বুলি কাকো দাবী নকৰোঁ।বুজিছ!জীৱন আৰু জীৱনৰ সুখ পানীৰ টোপাল ,এই আছে এই নাই। সুখ-দুখ, জয়াল, ভয়াল এই জীৱন মাথো সংসাৰ-মায়া। তথাপি ইমান বছৰৰ পাছত সন্তানটো আহিছে।পেটৰ পোৱালিটোৰ কথা চিন্তা কৰ—‘ । অনিচ্ছাকৃত এক নতুন মায়াই লক্ষ্মীৰ মনটোক মেৰাই ধৰিবলৈ হাত মেলিলে। এটা দীৰ্ঘ হুমুনিয়াহ কাঢ়ি ক্ষন্তেক সৰস্বতীৰ মুখলৈ চালে তাই আৰু লক্ষ্মী লাহে লাহে উঠিগ’ল গা-ধুবলৈ।

কৌশল্যা বৰা
দেৰগাঁও