মানৱ অধিকাৰ দিৱস আৰু আধুনিক নাৰীৰ আত্ম বিলাপ- ববিতা বৰঠাকুৰ

মানৱ অধিকাৰ দিৱস আৰু আধুনিক নাৰীৰ আত্ম বিলাপ

(প্ৰবন্ধটো ১০ ডিচেম্বৰ “মানৱ অধিকাৰ দিৱস” উদ্দেশ্যে ৰাখি প্ৰস্তুত কৰা হৈছে ।)

অধিকাৰ আৰু দায়বদ্ধতা দুয়ো বিধেই মানৱ কল্যাণৰ বাবে আৱশ্যকীয় । মানুহ হৈছে সভ্য আৰু যুক্তিবান প্ৰাণী,এই সুবাদতে মানুহে কিছুমান আহস্তানৰিত অধিকাৰ লাভ কৰে আৰু এনে অধিকাৰবোৰেই হৈছে মানৱ অধিকাৰ । ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে গ্ৰহণ কৰা” মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণা” জৰিয়তে মানৱ অধিকাৰ ধাৰণাই পূনাংগ আৰু সুস্থ ৰূপ লাভ কৰে, এই অধিকাৰে ব্যক্তিক এটা সুন্দৰ আৰু সভ্য জীৱন যাপনৰ সুবিধা দান কৰে,আমি পুৰুষ,মহিলা,ধনী নিধনী সকলো মিলি এখন সুন্দৰ সমাজ গঢ় দি ও আহক, আজি এই ১০ ডিচেম্বৰৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে উদযাপন কৰি আমি সকলো সমাজৰ মানৱ অধিকাৰ ৰক্ষা কৰাৰ সংকল্প লব পাৰো । আমাৰ চৰকাৰ ব্যৱস্থা,ৰাজনৈতিক দল,সাহিত্য সংস্কৃতি গোষ্ঠী সকলো একত্ৰিত হৈ “মানৱ অধিকাৰ” সমূহ কাৰ্যকৰি কৰিবলৈ চেষ্টা কৰিব লাগিব …..।
ডঃ শৰ্মা ছাৰে প্ৰস্তুত কৰি দিয়া মানৱ অধিকাৰ দিৱসৰ ভাষণটো ভালকৈ মুখস্থ কৰি থাকোতেই পৰিল নহয় স্বৰ্গ খন ভাগি মূৰত । কি কম বাৰু , পুৱাই খবৰটো পাই গৰম উঠি গল কাণ, মূৰ । বাঈ লগত মোৰ সামাজিক মযদা,শিক্ষা নিমিলে একো নিমিলে যদিও বাঈ নাহিলে মোৰ মূৰ গৰম হৈ যায় । এইবিলাক মানুহৰ ইমান ফাঁকি ইমান ফাঁকি নহয়,যিমান মৰম নকৰা একো লাভ নাই, সিদিনা দুশ টকা এডভান্স দিছো,তথাপিও কালি ও নাই আজিও নাই, এওঁৰ অফিচ,মোৰ অফিচ,ল’ৰাৰ স্কুল আছে,কি কৰো নহয়,সদায়েই বাঈয়ে কামবোৰ কৰে মই সাজিকাচি অফিচ যাওঁ, লৰাৰ টিফিন নাই,এওঁ অফিচতে খাব,মইও বিস্কুট দুখন খায় যাব লাগিব । দুদিন ঘৰ সৰা, মোচা নাই , কাপোৰ ধোঁৱা নাই, বেচিনত দম বাচন কাৰণ বাঈ নাই ।
আজিকালি অফিচ যাবলৈ মনেই নোযোৱা হৈছে,মাহৰ দৰৰ্মহালৈ বাট চাব লাগে,মেডিয়াৰ মানুহ কেইটা,সংগঠনৰ চকুচৰাহা কেইটাৰ পৰা হাত খৰছ টো নোলোৱা হল,সাধাৰণ ৰাইজেও বৰ বেছি সচেতন হল, কেমেৰা থকা মোবাইলটো সাধাৰণ লোকে ব্যৱহাৰ কৰাৰ পৰা বাহিৰৰ পৰা অহা পইচা কেইটাৰ বাট মৰিল ।
ঘৰত ইমান কাম, কাম মানে এই “এফ বি,হোৱাট আপট” ষ্টেটাছ বোৰ চেক কৰা,নিজৰ ফটো আপলোড কৰা,অন লাইনত কি কি অফাৰ আহিছে সেইবোৰ চাই অৰ্ডাৰ কৰা,বাঈয়ে বনোৱা পিঠা-পনা বোৰ আপলোড কৰাৰ পিছত কিমান যে লাইক,কমেণ্ট পাইছো পৰীক্ষা কৰা , বাঈয়ে বনোৱা আচাৰ দি মই সিদিনা মহিলা সমিতিৰ পৰা প্ৰথম পুৰস্কাৰ পালো, কিমান কাম মোৰ,মূৰ টো গৰম উঠি যায় আজি বাঈ নাই ।
বাঈয়ে মাছৰ টেঙা আঞ্জা খন বৰ সোৱাদ লগাকৈ বনাই,মুচন্দৰী, মানিমুনি,ভেদাইলতাৰ জুতি লগাকৈ বনাই খুৱাই আমাৰ এওঁক তাই একেবাৰেই বেয়া কৰি পেলালে অ, এফালে লৰাটোৱে বাঈ নহলে নহয়,কেৱল বাঈ,বাঈ । জন্মদিলো মই কিন্তু লালন-পালন বাঈ,পেন্দুকণাৰ পৰা আজিলৈকে নিজৰ সন্তানৰ দৰে বাঈয়ে মৰম কৰি আহিছে,কেতিয়াবা ভাবো এগৰাকী নাৰী কিমান স্নেহ,মমতাৰ গৰাকী হলে পাৰে প্ৰচাৱ-পায়খানা ধুৱাই ডাঙৰ কৰিব শিশুক,তাইৰ আত্মীয়তা ৰ মাধুৰ্যত থাকে হাঁহি আৰু আনন্দৰ ভাগ-বটোৱাৰা । আমাৰ দুঃখ আৰু অভাৱ ,বেমাৰ আৰু যন্ত্ৰণাৰ দিনতে নহয় বাঈজনীয়ে ভগৱানক প্ৰাৰ্থনা কৰিব পাৰে আমাৰ আনন্দ আৰু প্ৰাচুৰ্য ৰ সময়তো , বাবাৰ পৰীক্ষা, এওঁৰ প্ৰমোচনত ভগৱানৰ ওচৰত চাকি জ্বলাবলৈ তাই কেতিয়াবা মোৰ পৰা দুই এটকা খুচুৰা বিচাৰে । ভাব হয় মোৰ বাঈ যেন এজোপা উদ্ভিদৰ শান্তি বীজ,বতাহ আৰু বৰষুণ চাই সিঁচি দিয়ে ঘৰে ঘৰে ,বাঈ সফল আৰু সুখী নাৰী যি অনিবাৰ্য দুৰ্দশাক জয় কৰি দুখ আৰু হতাহাবোৰক সুখ আৰু আশালৈ ৰূপান্তৰিত কৰিছে, ঘৰে ঘৰে খোৱা বাচন ,মলিয়ন কাপোৰ ধুই ভাগৰি নপৰে এই বাঈ।তাই “স্বচ্ছ অভিযান” কি নাজানে ,কিন্তু বাঈৰ হাতৰ পৰশতে এখন ঘৰ,এটা কাৰ্যলয়,চিকিৎসালয় সুন্দৰ হৈ থাকে । গোলকীয় উষ্ণতা বৃদ্ধি,বনজুই,বায়ু প্ৰদূষণ,সেউজীকৰণ বাঈৰ বাবে সাঁথৰ,কিন্তু প্ৰতিটো পৈণত ফচলৰ গুটি বাঈয়ে সংৰক্ষণৰ কিটিপ জানে,ৰদ বৰষুণ চাই গুটি সিঁচি ফচল লগাই উপহাৰ দিয়ে আমাক । আমাৰ ঘৰৰ সেমেকা বিস্কুট,বাহী ৰুটি বাঈয়ে টোপোলা বান্ধে তাইৰ বাৰীৰ শালিকা,ঘন চিৰিকা কেইটালৈ । অ আ,ক,খ একো নজনা বাঈজনীয়ে আমাৰ দৈনিক কাককতবোৰ লিৰিকি বিদাৰি থাকে,কিতাপৰ গোন্ধ হেনো বৰ প্ৰিয় বাঈৰ। বিজ্ঞান প্ৰযুক্তি জ্ঞান নথকা বাঈয়ে সকলো উন্নত যন্ত্ৰ চলাব কেনেকৈ জানে বাৰু । সস্তীয়া ভেম এটাই আমাৰ জীৱনৰ সৰল আনন্দক কাঢ়ি নিছে, ভোগবাদী পৃথিৱী খনত খোজ থৈ আমাৰ অনুভৱ, অনুভূতিক কবৰ দিলো । বাট্ৰাণ্ড ৰাছেলৰ মতে ,” যি মানুহ আত্ম মগ্ন অথবা স্বাৰ্থপৰ ,যি মানুহে নিজকে বেছি ভাল পায় তেওঁ কেতিয়াও সুখী হব নোৱাৰে” হয় মোৰ দৰে, মই কেতিয়াও বিচৰা নাই তাই ছোৱালীজনী মোৰ জনীৰ দৰে শিক্ষিত হওক, লৰাটো বিজ্ঞান বিষয়ত পাৰ্গত হওক,কাৰণ মই স্বাৰ্থপৰ ।মোৰ ভয় হয় তাইৰ সন্তান শিক্ষিত হলে মই কামকৰা মানুহজনী ক হেৰুৱাম । বাঈ শিক্ষিত,জ্ঞানী,আধুনিক হোৱাটো মই নিবিচাৰো কাৰণ মই স্বাৰ্থপৰ । সিদিনা বৰুৱানীৰ পুতেকে তাইক হেনো বেয়া দৃষ্টিৰে চালে, সৰুৰে পৰা কোচত লৈ ডাঙৰ কৰা লৰাটোৱে তাইক দিয়া দৃষ্টিত দুখ কৰিছে, মই স্পষ্টকৈ তাইক কলো,বাইক ষ্টান কৰা ,মৰ্দাৰণ ডেন্স কৰা ল’ৰাটো এনে হবই নোৱাৰে, কাৰণ বৰুৱানী আমাৰ ক্লাৱৰ সভানেত্ৰী, নাৰী নিৰ্যাতন,ধৰ্ষণ,যৌতুক প্ৰথাৰ বিৰুদ্ধে মই আনৰ চকুপানী ওলাই যাব পৰাকৈ ভাষণ দিব পাৰো,কাৰণ এই ভাষনবোৰ মই প্ৰস্তুত নকৰো ,আনে লিখি দিয়া কথাবোৰ চিঞৰি চিঞৰি মানুহক উত্তেজিত কৰো,কিতাপ পঢ়ি, নাৰীৰ দুখ বেদনা বুজি এইবোৰ কৰাৰ মোৰ সমূলি ইচ্ছা নাই, কেৱল অহাবাৰ নিৰ্বাচনৰ টিকট এটা চকী এখনৰ বাবে এইবোৰ অলপ কৰিবই লাগিব । সিদিনা টেবুলৰ পৰা টকা এহেজাৰ হেৰাল,পোনপটীয়া উত্তৰ বাঈয়ে নিছে,কাৰণ তাইৰ পেট খালি,মোনা খালি । বিবেচনা কৰিবলৈ সময় নাই,এই গৰাকী নাৰীক কিমান বিশ্বাস কৰি এদিন মোৰ লৰা ছোৱালী হালক গতাই মুকলি মনেৰে ফুৰি ফুৰিছিলোঁ।খলিল জিব্ৰানৰ,” প্ৰফেটত” এটা বাক্য আছে,” তোমাৰ মাজত যিটো সবাতোকৈ দুৰ্বল বিমূঢ় যেন লাগে,সেয়ে সবাতোকৈ সবল আৰু দৃঢ় ” কাৰবাৰ পঢ়িছিলোঁ,” মানুহৰ জীৱন যেতিয়া সম্পূৰ্ণ স্বচ্ছন্দ আৰু আৰাম পূৰ্ণ হয়,নতুনকৈ বিচাৰিবলৈ বা পাবলৈ তেওঁৰ একোৱেই বাকী নাথাকে,তেতিয়া মানুহ হয় চৰম বিমৰ্ষ” হয় মোৰ দৰে । আজি মই মিছা মুখা পিন্ধি সুখী হোৱাৰ ভাও লৈছো,এইয়া যে বঞ্চনা । কিন্তু বাঈ প্ৰকৃত সুখী নাৰী ।কিয়নো ৰাছেল কৈ যোৱা এষাৰ মধুৰবাণী হল,”তুমি বিচৰা সকলো বস্তু নোপোৱাটো হল সুখৰ অনুভৱ” মোৰ বাঈৰ স্বাধীনচিতীয়া ,নিৰ্ভীক ব্যক্তিত্বক স্বাগতম জনাওঁ,বাঈ মোৰ প্রিয় নাৰী ।এই নাৰী বাই-ভনী,মা-মাহী,এক শক্তিদায়িনী যি দিছে জীয়াই থকাৰ আৰু জীৱনক ভাল পোৱাৰ প্ৰেৰণা । কিতাপ পঢ়িব নজনা বাঈয়ে মোৰ মুখৰ দুখ,সুখ পঢ়িবলৈ এক মিনিট ও নালাগে,কিন্তু বাঈৰ যন্ত্ৰণা আৰু বঞ্চনাৰ ইতিহাস কবলৈ বাঈক কেতিয়াও মই সময় সুযোগ দিয়া নাই,কাৰণ মই অভিজাত আধুনিকা নাৰী । ভাবি ঈৰ্ষা হয়,বাঈ কিয় হাস্যময়ী,চঞ্চলা,প্রিয়ভাষিনী আৰু আশাবাদী । কেতিয়াবা বাঈয়ে এগৰাকী স্কলাৰ’ৰ দৰে যুক্তি দি জীৱন বোধৰ পাঠ শিকাই যিবোৰ মই কোনো মহান গ্ৰন্থত অধ্যয়ন কৰা মনত নপৰে ,হয়তো এইয়া বাঈক জীৱন আৰু সময়ে শিকোৱা পাঠ । কেতিয়াবা তাইক মোৰ আইতামা ৰ দৰে লাগে বাঈয়ে গভীৰ প্রেম আৰু মমতাৰে নৰিয়া দেহাটো মোৰ নহৰু মিঠা তেল গৰম কৰি প্ৰতিপাল কৰে । ভাব হয় এই বাঈজনী বাৰু বুদ্ধৰ” মাতৃ গৌতমী নেকি ।বাঈৰ দৰে নাৰীৰ সমবেদনা আৰু সহানুভূতিৰ এনাজৰীয়ে মানুহ জাতিক জীয়াই ৰাখিছে ।বাঈয়ে অভিজ্ঞতা ৰ পৰা উদ্ধাৰ কৰিছে জীৱনৰ জীৱন্ত ভাস্কৰ্য , এই নাৰী কেৱল নাৰী নহয় দেৱী ।
সবজান্ত’ হৈ মই ইমান দিন ৰাইজক মানৱ অধিকাৰ দিৱস,নাৰী দিবস ,নাৰী সৱলীকৰণ কথা কৈ কেৱল ভোজ-ভাত খোৱাৰ বাহিৰে একো নকৰিলো,আজি নিজকে কিবা অপৰাধ বোধে আমনি কৰিছে ।
ভদ্ৰ সমাজৰ লগত একাকাৰ হৈ মিলি থাকো । সমগ্ৰ জগত ভ্ৰমি জ্ঞান বিলাই ঘূৰি ফুৰা অভিজাত নাৰীক জীৱনৰ দীক্ষা দিব পাৰে এই বাঈৰ জনীয়ে ।গীতাত অৰ্জুনে কৃষ্ণক “বিহ “কি বুলি সোধোতে কৃষ্ণই কৈছে,”প্ৰয়োজনত কৈ বেছি সকলো বিহ” আমি ভোগবাদী সমাজখনত খোজ থৈ পাহৰি গৈছো, প্ৰয়োজন কি,বিজ্ঞাপনে আমাক দৌৰাইছে আমি উচিত অনুচিত বিচাৰ নকৰাকৈ দৌৰি আছো, মানৱীয় মূল্যবোধ,নাৰীত্ব ,মমতা ,দয়া ,কৃপা,প্রেম কৰুণা এই সকলোবোৰ বাঈৰ ওচৰত আছে ও থাকিব । আমি ক্লান্ত হৈ পৰাৰ আগতে ,হৃদয়ক মূল্য দিয়া নাৰীৰ ওচৰত ক্ষন্তেক জিৰণি লওঁ । সমাজ এখনৰ সার্বিক সুস্থ বিকাশ,সামাজিক সুস্থিৰতা আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে পুৰুষ নাৰী সমন্বিত ভূমিকা যি দৰে অপৰিহাৰ্য চৰ্ত, সেইদৰে নাৰী আৰু নাৰীৰ মাজত সহযোগিতা ,বুজাবুজি নিতান্তই প্ৰয়োজন,এই বাঈ ফুলৰ দৰে সৌন্দয্য আৰু সুবাসেৰে পূৰ্ণ,পৃথিৱীৰ দৰে সহনশীল,সূৰ্যৰ দৰে তেজস্বী,চন্দ্ৰ ৰ দৰে শীতল ,সমুদ্ৰৰ দৰে গভীৰ আৰু অভিজ্ঞতাক বুকুত বান্ধি আমাৰ ঘৰে ঘৰে বন কৰি আমাৰ জীৱন ধন্য কৰে । প্ৰাৰ্থনা সকলো গৰাকী বাঈ সুখী ও শান্তিত থাকক । সুন্দৰ হওঁক বাঈ প্ৰতি দিন প্ৰতি সময় ।
ওপৰত উল্লেখিত কাহিনী ভাগ আপুনি মই লগ পায় থকা আধুনিক নাৰী চৰিত্ৰৰ এক ৰূপ । আমি বিভিন্ন সময়ত ভিন্ন দিৱস পালন কৰিছো, কিন্তু প্ৰকৃত বাস্তৱৰ পৃথিৱী খনত এজন বেলেগ মানুহ হৈছো, অধিকাৰ, স্বাধীনতা,ন্যায় ,সমতাএই ধাৰণা সমূহ আমাৰ মন মগজুৰ উৎস, প্ৰতিদিন পুৱা লগ পোৱা চাফাই কৰ্মী,বাতৰি কাকত দি যোৱা লৰাজন,পাচলি বিক্ৰী কৰা ককাজন,ফল মূলৰ দোকানৰ ভাইজন ,কাৰ্যলয়ৰ ককাইদেউ জন,আপুনি ,,নাপিত,মুচীজন,কুমাৰ,কমাৰ ,ৰিক্সাছালক,মাংস বিক্ৰী কৰা তিৰোতা গৰাকী সকলোৰে আত্ম সন্মান আছে, পুৰুষে নাৰীক সন্মান কৰাৰ লগতে,নাৰীয়ে ও নাৰীক সন্মান কৰিব লাগিব, অধিকাৰ,স্বাধীতা আছে, হবহাউচ (Hobhause) ৰ মতে,” আমি আনৰ পৰা যি আশা কৰো আৰু আনে ও আমাৰ পৰা যি আশা কৰে সেয়াই হৈছে অধিকাৰ আৰু সকলো প্ৰকৃত অধিকাৰ ই হৈছে সমাজ কল্যাণৰ চৰ্ত”

ববিতা বৰঠাকুৰ
কুৰালগুৰি
বৰুৱা বামুণ গাঁও