মানৱতাৰ নিদৰ্শন
লখিমী শৰ্মা, যোৰহাট
” মা , অ’ মা আজি তুমি গাটো ভাল পাইছানে ?”
মাজনী , মোৰ গাটো তেনেকৈ ভাল পোৱা নাই, সেয়েহে মই কামলৈ যাব নোৱাৰিলোঁ । চিলাই দোকানত কথাটো জনাই যাবি,নহলে আকৌ বেলেগ মানুহ ৰাখি দিব। মাজনী বেয়া নাপাবি দেই তোৰ বস্তুখিনি আনি দিব পৰা নাই!”
“হ’ব দিয়া কোনো কথা নাই ।কথা এটা শুনাছোন, মই ভাত কেইটামান খাই লৈ ৰশ্মিহঁতৰ তাত যাওঁ । মই সুধিছিলোঁ ৰশ্মিক টিউচনৰ কথা , তেতিয়া তাই মোক ক’লে যে তাইৰ ভায়েকৰ লগতে আৰু দুটামানক পঢ়ুৱাই দিব লাগে বোলে । তাহাঁতৰ ঘৰৰ সৰু ল’ৰাটোক টিউচন কৰিব মাতিছে মোক । গতিকে পলম নকৰোঁ মা।”
“মাজনী, তোমাৰ বহুত কষ্ট হৈছে নহয়। “
“তুমি দুখ নকৰিবা মা। পিতাই ঢুকুৱাৰ পিছৰে পৰা তুমি মোক বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছা । সেই কথা মই লক্ষ্য কৰি আহিছোঁ । মই টিউচন কৰি আৰু তুমি কাপোৰ চিলাই কৰা পইচাৰে চলিম আমি । মাথোঁ তোমাক মই অকলে উপাৰ্জন কৰিব নিদিওঁ । সদায় স্কুলৰ পৰা আহি মই সময়মতে টিউচনলৈ যাম । “
“হ’ব দে ! দুখ নকৰোঁ মই । কিন্তু বৰ বেছি দেৰি নকৰিবি । সোনকালে যাবি আৰু সোনকালে ঘৰমুৱা হ’বি ! ছোৱালী মানুহ তই , গতিকে সাৱধানে চলিবি । “
“মা অ’ মই যোৱাকালি আনি দিয়া ঔষধ বোৰ তুমি খালানে দিনত ?”
“অ’ খালোঁ অ’ মাজনী । যা এতিয়া ভাত কেইটা খাই ল সোনকালে !”
“বিভা ভনী ঘৰত আছানে ?”
“অ আছোঁ বাইদেউ।*
“কি হ’ল তোমাৰ গাটো বেয়া নেকি?”
“নক’ব আৰু বাইদেউ , যোৱাকালিৰ পৰা মোৰ গাটো খুউব বেয়া । ছোৱালীয়ে ঔষধ আনি দিছে , তাকে খাই যেনিবা এতিয়া অলপ ভাল পাইছোঁ। আপুনি ক’ৰবালৈ যায় হ’বলা।”
“নাই নাই ,,মই তোমাৰ ওচৰলৈ বুলিয়ে আহিছিলোঁ । গমেই নাপাওঁ তোমাৰ যে অসুখ । ” কথা এটা সুধিবলৈ আহিলো ,মানে ব্লাউজ দুটা চিলোৱা হ’ল নেকি তাকেহে সুধিবলৈ আহিলো ।এতিয়া পিছে তোমাৰ গা বেয়া বুলি শুনিলোঁ যেতিয়া তুমি দুদিন দেৰিকৈ দিলেও মোৰ আপত্তি নাই বুজিছা ! বাৰু হ’ব দিয়া মই এতিয়া যাওঁ তুমি ভালে থাকিবা ।”
“ৰ’ব ৰ’ব চাহ একাপ খাই যাওঁক বাইদেউ। “
“নাই নাই বেলেগ এদিন আহিম দিয়া । ঘৰত গোটেই কামে বনে পৰি আছে । গৰু , ছাগলী বিচাৰি আনিবলৈ আছেই , এতিয়া আহিছোঁ দিয়া । অ এটা কথা কওঁ ভনী। তোমাৰ ঘৰটো একেবাৰে ভাঙি চিঙি উৱলি গৈছে ,বাৰিষা আহিলেই কেনেকৈ থাকিবা।”
“কিনো কম বাইদেউ ,আপুনি সকলো চোন জানেই। মানুহজনৰ মৃত্যুৰ পিছত ঘৰ খনৰ এই অৱস্থা হৈ পৰিল।”
“এটা কথা কওঁ তোমাক, তোমাৰ এই অৱস্থা দেখি মোৰ অন্তৰে কান্দিছে, মোৰ ইমান সম্পত্তি খাওতা কোনো নাই। গতিকে আজিৰ পৰা তোমাৰ ছোৱালীৰ সম্পূৰ্ণ দায়িত্ব মই লম।ঘৰখন বনাই দিম।একেলগে নাথাকিলেও আমাৰ মাজত আন্তৰিকতা,মৰম চেনেহ সদায় থাকিব ভনী।” ইতিমধ্যে মই মোৰ স্বামীৰ দেউতাক মানে মোৰ শহুৰ মৌজাদাৰ দেউতাই লোকক ঠগি অগাধ সম্পত্তি গঢ়ি থৈ গৈছে।সেই পাপত চাগৈ মোৰ আপোন বুলিবলৈ কোনো নাইকীয়া হ’ল ,সেয়েহে আমাৰ গাঁৱৰ দুখীয়া মানুহখিনিৰ বাবে পাৰ্যমানে সহায়ৰ হাত আগবঢ়াই আহিছোঁ। তাতে হয়তো মই মনত শান্তি বিচাৰি পাম।”
“বাইদেউ আপুনি মহান।আপোনাৰ দৰে মানুহ থাকিলে পৃথিৱীত যেন দুখ কষ্ট নাইকীয়া হৈ যাব। “
“হব দিয়া ভনী,এতিয়া মই যাওঁ।ভালকৈ থাকিবা।কালিলৈ আকৌ আহিম।ইয়াতে ভাত পানী খাইহে যাম দেই।আহোতে কিবা কিবি লৈ আহিম।”
“হব বাইদেউ।”