মানুহ – সবিতা বেগম

Pc- Alcohol and Drug Foundation
মানুহ
সবিতা বেগম,পাকাবেত বাৰী পাম
সিহঁতো মানুহ …..
পেটৰ তাড়নাত
পৰিয়ালৰ দায়িত্ব বহন কৰি কৰি
ৰাস্তাৰ কাষত ষ্টেচনত
শিল ভঙা হাতুৰীৰ সতে
তেজ পানী কৰি গছৰ গুৰিত দু পইচাৰ বাবে দাঁত দুপাৰি নিকটাই
ৰ’দ বৰষুণৰ সতে অনৰ্গল সংগ্ৰাম কৰি
দিন অতিবাহিত কৰা প্ৰানী বিদৰ নামো মানুহ…।
অটো, ৰিক্সা, বাছগাড়ীত
ঠাই নথকাৰ পিছতো
আহঁক আহঁক কৰি
ভিতৰত টানি নিয়া ,
ৰে’লত নিকিনা সত্বেও দু-পইচাৰ
বাবে বাৰে বাৰে
উপযাচি পানী পানী ,
চিকেন চিকেন,
পোলাও পোলাও,
বিৰিয়ানী বিৰিয়ানী কৰা নিৰ্লজ্জ প্ৰানী বিধ কোনোবাৰ ভাতৃ,
কোনোবাৰ পিতৃ ,
কোনোবাৰ সন্তান…।
এমুঠি অন্ন যোগান ধৰিবলৈ
নাইবা অসুস্থ মাক দেউতাকৰ
ঔষধ বাবে এই ৰূপ
অৱহেলিত হেজাৰ চকুত।
সিহঁতো মানুহ
গাড়ী, বাৰী আৰু নাৰীৰ বাবে
প্ৰতিদিনে বিলাসীতাৰ নামে লক্ষ লক্ষ টকা খৰচ ।
আৰু কিমান দিন ?
কি হ’ব ?
ধন, সোণ, অৰ্থ, আভিজাত্য
কিমান দিন ?
ক্লান্ত সূৰুযে পশ্চিম আকাশত
কৰিছেহি গতি ।
হাঁহি-কান্দোনৰ প্ৰভেদ নাপালোঁ বিচাৰি
লিখা নাই কোনো দলিলত
কোনো গ্ৰন্থত ।
মাথোঁ এক মায়া , চিনাকি পৰ্ব।।