মানুহে মানুহৰ বাবে – আয়নাল হক

মানুহে মানুহৰ বাবে
আয়নাল হক, ধুবুৰী
সময় কোন দিশে–
চিন্তনীয় !
সম্বন্ধ কোন দিশে–
চিন্তনীয় !
কোন কাৰ গচকত মৰে
সময় নাই উভতি চাবলৈ।
ঠুনুকা সম্বন্ধই নুবুজে
কাৰো বুকুৰ বেদনা।
কোনে হাঁহে
কোনে কান্দে
নোসোধে কোনেও কাৰো ঠিকনা।
মানুহে মানুহৰ বাবে
অকণো নাভাবে
স্বাৰ্থপৰ সকলো–!
সভ্যতাৰ অগ্ৰগতি বা কোন দিশে ?