“মানব ৰূপী দানব”- হিমদ্ৰী বৰকটকী

Pc We heart It

“মানব ৰূপী দানব”

জীৱ শ্ৰেষ্ঠ বুলি আমাকেই নকয় জানো ?
আমিয়েই এতিয়া সেই মানব ৰূপী দানৱ
অভি নীল ঝংকাৰৰ
ঢৌ মাৰ নৌ যাওতেই
আকৌ অনিমেষৰ হত্যা
উস কি বৰ্বৰতা!
চকুৰ পচাৰতে বৰ্বৰ দানৱে কৰা অমানুষিক হত্যা
যেন সেই ঘটনাৰ আকৌ পুনৰাবৃতি!
পুত্ৰ শোকত ভাগি পৰা
মাকৰ হৃদয় কোনে বুজিব
আজি আমি নি:সহায়….
কিজানি ওলাই গলে
হিয়াৰ আমঠু আকৌ উভতি নাহে
নৰপিশাচৰ হাতত বলিয়েই হয়….
উস:! কি হৃদয় বিদাৰক
এইখনেই অসম য’ত নাই
আমি সুৰক্ষিত?
য’ত আছে মাথো
ৰক্ত পিপাসুৰ দল….
আমিয়েইটো মানৱৰ নামত দানৱ সভ্য সমাজৰ….
অৰণ্যৰ পশুতকৈ অধম
শেষ হৈ যাব নেকি
আমাৰ মানসিকতা?

হিমদ্ৰী বৰকটকী ,
শিৱ নগৰ , নগাওঁ..