মাতৃ বন্দনা – ৰাজলক্ষ্মী বৰঠাকুৰ

মাতৃ বন্দনা

ৰাজলক্ষ্মী বৰঠাকুৰ

দেৰগাঁও

শক্তি ৰূপিনী মা তোমাক

জনালো প্রণতি,

তুমিয়ে সৃষ্টি, তুমিয়ে স্থিতি, তুমি পলয় নাশিনী ,

তুমি মাতৃ কৰুণাময়ী

তুমিয়ে শিৱ, তুমিয়ে শক্তি

তুমিয়ে আমাৰ পিতৃ ,তুমিয়ে আমাৰ মাতৃ

তুমিয়ে আমাৰ আকাশ,

তুমিয়ে আমাৰ পৃথিবী

তুমিয়ে আমাৰ আন্ধাৰ

তুমিয়ে আমাৰ পোহৰ

 বিভিন্ন ৰূপেৰে বিৰাজিচা

মাতৃ তুমি জগতত ।

জগত জননী মাতৃ ,কিদৰে পূজো

তোমাৰ চৰণত নাই আমাৰ শকতি

ভক্তি ভৰা অঞ্জলি জাচিলো তোমাৰ চৰণত।