মাতৃ দিৱসত মোৰ অনুভৱ
মধুস্মিতা শৰ্মা, সোণাপুৰ
“নৈৰ সমান ব’ব কোন , আইৰ সমান হ’ব কোন ! “
মাতৃ দিৱস বুলি ক’লে মোৰ বাবে বৰ আচহুৱা লাগে।’মা’ শব্দটো জানো এদিনৰ বাবে।গৰ্ভত স্থিতি লোৱা দিন ধৰি মৃত্যু পৰ্য্যন্ত এই শব্দটোৰ সৈতে উশাহ লৈ থাকোঁ। জীৱনত এনেকুৱা এটা মুহূৰ্ত নাই, যি মুহূৰ্তত মাৰ কথা স্মৰণ কৰা নাই । জনাকৈয়ে বা নজনাকৈয়ে মাৰ কথা, মাৰ আদৰ্শ বুকুত বান্ধি লৈ ফুৰিছোঁ।বা জীৱনক আগুৱাই নিছো। ‘মা’ শব্দটো বৰ বিশাল।সকলো ধুমুহা-বজ্ৰপাতকো আওকাণ কৰি মাকে নিজৰ সন্তানক নিৰাপত্তা দিয়ে। ডাঙৰ-দীঘল কৰে।হাজাৰ কষ্টত থাকিলেও সন্তানৰ মুখখন দেখিয়েই সকলো পাহৰি যায়। সন্তান ভালেই হওক বা বেয়াই হওক একে মমতাৰে ডাঙৰ-দীঘল কৰে।একেখন আঁচলেৰে আঁকোৱালি লয়। ইমান কষ্টকৰ প্ৰসৱ বেদনাকো সহ্য কৰি সন্তান জন্ম দিয়ে । মাৰ মৰমত কিমান আপোনত্ব আছে সেই কথা দুনাই ক’ব নালাগে ।সন্তানৰ বাবে আইৰ বুকুখনতকৈ নিৰাপত্তাৰ ঠাই আৰু ক’তো নাই । মাতৃ আৰু সন্তানৰ সম্পৰ্ক বৰ দৃঢ় আৰু আপোনতকৈও আপোন।সন্তানৰ কিবা বিপদ হ’লে মাকে অনুমান কৰিব পাৰে । মাকৰ আগত কোনো সন্তানেই মিছা মাতিব নোৱাৰে।’মা’ এখন বোৱতী নদী।জীৱনৰ সকলো অত্যাচাৰ ,লাঞ্ছনা -গঞ্জনা , তোষামোদ ,যন্ত্ৰণা বুকুত বান্ধি বৈ যায় খলা-বমা নেওচি । জীৱনৰ কোনো বাধাই মাকক সন্তানক ডাঙৰ কৰি পঢ়াই শুনাই মানুহ গঢ়াত বাধা দিব নোৱাৰে । মা এটা প্ৰৱল শক্তি ।মাৰ ধৈৰ্য্যও অপাৰ । সকলো পৰিস্থিতিকে সুন্দৰকৈ ,নিয়াৰিকৈ চম্ভালীৱ পাৰে ।এই মাৰ কাৰণে কেৱল এটা দিন !বিশ্বায়ণৰ যুগত পৃথিৱীখন একেবাৰে সৰু হৈ পৰিছে । বিভিন্ন দেশত উদযাপন কৰা ঘটনাবোৰ বা উৎসৱবোৰে আমাৰ দেশতো শিপাবলৈ আৰম্ভ কৰিছে । মাতৃ দিৱস পোন-প্ৰথমে ভাৰতৰ অন্যদেশবোৰতহে পালন কৰিছিল। আৰু আহি আহি এতিয়া ভাৰতবৰ্ষ লগতে অসমতো বৰ বহুল ভাৱে উদযাপন কৰা হৈছে ।যিসকল কৰ্মৰত পুত্ৰ-কন্যাই মাকৰ খৱৰ ৰাখিবলৈ সময় নাপাই, সেইসকলেই মাতৃ দিৱসৰ দিনা মাকৰ খৱৰ লয়। বিশেষকৈ স্বাস্থ্য পাতিৰ খৱৰ লৈ চিকিৎসা ব্যৱস্থা কৰে । মাকক অলপ সময় দিয়ে, সঙ্গ দিয়ে।কথা পাতে।এই মাতৃ দিৱস বছৰত কোনোবা দেশত এপ্ৰিল মেত যেনে-উত্তৰ গোলাৰ্দ্ধত।আৰ্জেন্টিনাত অক্টোবৰ মাহত আৰু অষ্ট্ৰেলিয়াত মে মাহত পালন কৰা হয়।পোন -প্ৰথমতে ১৯০৮ চনত পশ্চিম ভাৰ্জিয়ানাত আন্না জাৰ্ভিছে মাতৃ গ্ৰাফটনৰ স্মৃতিত মাতৃ দিৱস পালন কৰিছিল।কিন্তু সেইটো আজি যি আমি মাতৃ দিৱস পালন কৰিছো সেইটোৰ দৰে নহয়। সেয়ে ১৯১২চনত আন্না জাৰ্ভিছে মে মাহৰ দ্বিতীয়টো দেওবাৰে “মাডাৰছ ডে ইনটাৰনেছনেল এছ’চিয়েছন” গঠন কৰিছিল আৰু তাতেই প্ৰতিবছৰে এইদিনটোক “মাতৃ দিৱস” হিচাবে উদযাপন কৰিবলৈ সিদ্ধান্ত লৈছিল।তেখেতে কৈছিল প্ৰতিটো পৰিয়ালে নিজৰ নিজৰ মাতৃক সন্মান জনোৱা উচিত। মাতৃৰ ত্যাগ আৰু পৰিয়ালটোত তেখেতৰ অৱদান, তেখেতৰ স্থান, সন্তানৰ প্ৰতি কৰা মাতৃৰ দায়বদ্ধতা, এই সকলোবোৰক এইদিনটোত স্মৰণ কৰি তেখেতক সন্মান জনোৱা উচিত। আৰু সেই তেতিয়াৰ পৰাই প্ৰায়বোৰ দেশতে মাতৃ দিৱস পালন কৰা হৈছে । আজি কেইবছৰমানৰ পৰা আমাৰ অসমতো বৰ আড়ম্বৰপূৰ্ণ ভাৱে “মাতৃ দিৱস “পালন কৰা হৈছে।অৱশ্যে কথাটো ঠিক।বৰ্তমান প্ৰতিযোগিতাৰ দিনত ,জনসংখ্যা বিস্ফোৰণৰ ফলত মাতৃ আৰু সন্তানৰ সম্পৰ্কৰ দূৰত্ব বাঢ়িছে।কৰ্ম সংস্থাপনেই হওক বা পঢ়া-শুনাৰ ক্ষেত্ৰতেই হওক সন্তান মাতৃৰ পৰা বহুত বছৰ বা দিন ধৰি আতৰি থাকিব লগা হৈছে । সন্তানে মন কৰিও নিজৰ মাকক উপযুক্ত সময় বা পৰিচৰ্য্যা কৰিব পৰা নাই । সেয়ে তেখেতসকলৰ বাবে বছৰটোত অন্ততঃ এটা দিন মাকৰ নামত পালন কৰিবলৈ সুবিধা পাব । মাকৰ সৈতে সময় কটাব,ফুৰাবলৈ নিব, মাকক সঙ্গ দিব । মাকৰো মনবোৰ মুকলি হ’ব । আকৌ যিসকলে মাতৃক হেৰুৱাইছে সেইসকলে মাতৃ দিৱসৰ দিনটোত মাতৃৰ অবদান, ত্যাগ শ্ৰদ্ধাৰে স্মৰণ কৰিবলৈ সুবিধা পাব। কোনো কোনো সন্তানে মাতৃ দিৱসত মাকক উপহাৰ দিয়ে।আকৌ যাৰ মাতৃ মৃত্যু হৈছে তেখেতসকলে মাতৃৰ নামত বেলেগ তেনেকুৱা মাতৃক সম্বৰ্ধনা জনায়।মুঠতে মাতৃ দিৱসৰ দিনা যি কোনো উপায়েৰে আমাৰ জন্মদাত্ৰী মাতৃক বৰ আদৰ সন্মানেৰে স্মৰণ কৰা হয়।বহুতে মাতৃ দিৱস পালন কৰিবলৈ ইচ্ছুক নহয় । যিহেতু ” মা ” শব্দটো আমাৰ প্ৰতিজনৰ হৃদয়ত এনেকৈ লিপিত খাই থাকে সেইটো এদিনৰ বাবে যেন সাৰি -মুচি চাফা কৰিবলৈ উলিয়াই অনাৰ দৰে হয়। যেন বাকচত থকা এটা বস্তুহে । মা এটা সত্বা ।যাক কোনো দিন আতৰ কৰিব নোৱাৰি । সকলো সময়তে আলফুলে আমি লৈ ফুৰোঁ। আমাৰ প্ৰাণ । আমাৰ ধমনী। যাৰ ত্যাগত ,চেষ্টা আমি এই পৃথিৱীলৈ আহিলো ।ডাঙৰ দীঘল হৈ চলাফুৰা কৰিছো ।মা’ মোৰ বাবে উশাহ ।মোৰ বাবে দৃষ্টি শক্তি। পলে পলে বুকুত সামৰি থওঁ।যাই কি নহওক , এইবছৰো ২০২৪ চনৰ মে মাহৰ দ্বিতীয়টো দেওবাৰ ১২ তাৰিখে আন্তৰাষ্ট্ৰীয় “মাতৃ দিৱস” পালন কৰা হ’ব।ব্যৱসায়ীক ভিত্তিত নহয় , সকলোৱে সন্মানেৰে আমি আমাৰ মাতৃসকল সন্মান কৰোঁ আহক ।তেখেতসকলেনো কি বিচাৰে আমাৰ পৰা, তেখতসকলৰ প্ৰয়োজনীয়তাবোৰ, অভাৱবোৰ,কষ্টবোৰ এবাৰ সুধি চাওঁ। তেখেতসকলৰ সৈতে একাত্ম হওঁ। বিশ্বৰ প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জনালো এই লেখাৰ যোগেদি আৰু মোৰ স্বৰ্গগত মাতৃলৈকো প্ৰণাম জনালো।
” ধুমুহা বৰষুণ নেওচি
মমৰ দৰে পোহৰ বিলাই বিলাই
নিজক শেষ কৰা সত্বাটোৱেই মোৰ আই
তেওঁৰ সমান শুৱনি আৰু কোনোৱেই নাই ।”