মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত কলাভূমি মাজুলী (গুৰুগৃহ) ৰ সাংস্কৃতিক কাৰ্যসূচী

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত কলাভূমি মাজুলী (গুৰুগৃহ) ৰ সাংস্কৃতিক কাৰ্যসূচী
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত চৰকাৰৰ সাংস্কৃতিক সম্পৰ্ক পৰিষদ (ICCR) ৰ সৌজন্যত কলাভূমি মাজুলী ‘গুৰুগৃহ’ ৰ শিল্পীৰ দলে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত ৮ নৱেম্বৰৰ বিয়লি এক সত্ৰীয়া গীত-নৃত্যৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সাংস্কৃতিক কাৰ্যসূচী পৰিবেশনৰ প্ৰাকক্ষণত বন্তি প্ৰজ্বলন কৰে উপাচাৰ্য ড° নিৰোদ বৰুৱা, আই চি চি আৰ ৰ জনেল ডাইৰেক্টৰ এন. মুনিশ সিং, পঞ্জীয়ক ড° বিনোদ চন্দ্ৰ বৰা আৰু সমাজসেৱক ভৱেন চন্দ্ৰ কাকতিয়ে ৷ বন্তি প্ৰজ্বলনৰ পিচতে উত্তৰ কমলাবাৰী সত্ৰৰ গায়ন-বায়নেৰে সাংস্কৃতিক কাৰ্যসূচী শুভাৰম্ভ হয় ৷ তাৰ পিচত দুটা দলীয় সত্ৰীয়া নৃত্য আৰু কেলিগোপাল মহাৰাসেৰে সাংস্কৃতিক কাৰ্যসূচীৰ সামৰণি পৰে ৷ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ লগতে ভালে সংখ্যক দৰ্শকে সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰে ৷