মাজুলী মহাবিদ্যালয়ত শিল্পী দিৱস পালন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ উচ্চশিক্ষাৰ প্ৰাচীনতম অনুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৱিত্ৰ স্মৃতি দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। মহাবিদ্যালয়ৰ শ্ৰীশ্ৰী পদ্মকান্ত দেৱগোস্বামী সভাকক্ষত আয়োজিত সভাত সভাপতিত্ব কৰে বিভাগৰ মুৰব্বী অধ্যাপিকা মায়াশ্ৰী ডেকা হাজৰিকাই। বিভাগীয় অধ্যাপক কাৰ্তিক নাথে আঁত ধৰা সভাখনৰ আৰম্ভণিতে শিল্পীগৰাকীৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্পাৰ্ঘ অৰ্পণ কৰে বিভাগীয় শিক্ষক আৰু শিক্ষাৰ্থীসকলে। অসমীয়া বিভাগৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশিত জ্যোতি সংগীতেৰে আৰম্ভ কৰা সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই তেনেই সীমিত আয়ুকালৰ ভিতৰতে সুন্দৰৰ পূজাৰীজনে কৰি থৈ যোৱা অমৰ সৃষ্টিসমূহৰ এক চমু আলোকপাত কৰে। মহান শিল্পীজনে নিজৰ সৃষ্টিৰ মাজেৰে সমকালীন সমাজখনৰ ঐতিহ্য আৰু স্বকীয়তা বিকশাই তুলিবলৈ প্ৰয়াস কৰিছিল বুলি উল্লেখ কৰি অধ্যক্ষ ডঃ শইকীয়াই ‘ৰূপালীম’ নাটকৰ এটি সংলাপেৰে সুন্দৰৰ পূজাৰীজনৰ সাহিত্য-কৃতীৰ উদাহৰণ দাঙি ধৰে। সভাত উপস্থিত থাকি মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি ডঃ ৰাজেন চন্দ্ৰ বৰাই বৰ্তমান সময়ত জ্যোতিপ্ৰসাদৰ প্ৰাসংগিকতাৰ বিষয়ে উল্লেখ কৰি নৱপ্ৰজন্মক তেওঁৰ নিৰ্ভীক মনোভাৱ আৰু প্ৰতিভাক আদৰ্শ হিচাপে ল’বলৈ আহ্বান জনায়। সভাত মহাবিদ্যালয়ৰ অধ্যাপিকা ইন্দিৰা বৰা, ডঃ পল্লৱী দুৱৰা তথা মহাবিদ্যালয়ৰ মহিলা কোষে জ্যোতি সংগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। লগতে ছাত্ৰ-ছাত্ৰীসকলেও ৰূপকোঁৱৰৰ কবিতা, নাটৰ সংলাপ পৰিৱেশন কৰি সময়খিনি জীপাল কৰি তোলে। সভাত মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, গীতাৰাণী গোস্বামী, বিপুল ৰাজখোৱা, প্ৰণীতা ৰাজখোৱা, ডঃ দুলাল হাজৰিকা, অপূৰ্বজ্যোতি হাজৰিকা, প্ৰণৱজ্যোতি বৰা, দেৱজ্যোতি খাটনিয়াৰ, নৱ দাস, দীনেশ পেগু, ডঃ জয়া কলিতা গগৈ, ডঃ জুলী গগৈ, ডঃ দেৱজ্যোতি ভট্টাচাৰ্য, ডঃ দিগন্ত হাতীবৰুৱা, প্ৰজ্ঞা পাৰমিতা কৌশিক, সুদৰ্শনা ফুকন, ৰুবী বৰা, অভিনৱ শংকৰ গোস্বামী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে । অসমীয়া বিভাগৰ অধ্যাপক কাৰ্তিক নাথে আঁত ধৰা সভাৰ অন্তত সকলোকে শলাগ জ্ঞাপন কৰে অধ্যাপিকা প্ৰীতিৰেখা গগৈয়ে ।