মাজুলী জিলা মহিলা সমিতি আৰু জিলা আইন সাহাৰ্য কোষৰ উদ্যোগত নাৰী দিৱস উদযাপন
বিকাশ শইকীয়া, মাজলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলা মহিলা সমিতি আৰু মাজুলী জিলা আইন সাহায্য কোষৰ উদ্যোগত নামনি মাজুলীত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। নামনি মাজুলী আঞ্চলিক মহিলা সমিতিৰ সহযোগত নামনি মাজুলী বালিচাপৰি মিলিত কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে উক্ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। নাৰী দিৱস উপলক্ষে আজি পুৱা পৰিৱেশ নিকাকৰণৰ পাছত গছপুলি ৰোপণ কৰে মিলিত কৃষ্টি সংঘৰ সভাপতি লীলা কান্ত ভট্টাচাৰ্য্যই । পতাকা উত্তোলন কৰে মাজুলী জিলা মহিলা সমিতিৰ সভানেত্ৰী সুভদ্ৰা শইকীয়া বৰাই। বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ মহিলা নিৰু দত্ত , দীপালী ভূঞা হাজৰিকা আৰু যুতিকা গোস্বামী মহন্তই। স্মৃতি তৰ্পণ কৰে ৰীণা বৰুৱাই। দুপৰীয়া এঘাৰ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাখন নামনি মাজুলীৰ আঞ্চলিক মহিলা সমিতিৰ সদস্যাসকলে পৰিৱেশন কৰা সমবেত সংগীতৰে শুভাৰম্ভ কৰা হয় । মাজুলী জিলা মহিলা সমিতিৰ সম্পাদিকা নিতুল হাজৰিকাই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে মাজুলী জিলা মহিলা সমিতিৰ সভানেত্ৰী সুভদ্ৰা শইকীয়া বৰাই। সভাত মাজুলী জিলা আইন সেৱা প্ৰাধিকাৰীয়েও সহযোগিতা আগবঢ়ায় ।মাজুলী জিলা আইন সাহায্য কোষৰ সভানেত্ৰী আৰতি বৰাই উদ্বোধন কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে মাজুলীৰ বিধায়ক ভুবন গামে অংশগ্ৰহণ কৰি ভাষন প্ৰদান কৰে। বিধায়ক গামে নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ মাতৃৰ উদাহৰণ দাঙি ধৰে আৰু সকলো সন্তানক নাৰী মাতৃসকলে নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনায়। সন্মানীয় অতিথি হিচাপে মাজুলী জিলাৰ আয়ুক্ত ড০ কাবেৰী বি শৰ্মাৰ মাতৃ , বিশিষ্ট সমাজসেৱিকা নলিনী বৰকাকতি, মাজুলী জিলাৰ অতিৰিক্ত সহকাৰী আয়ুক্ত পূজা বৰা, উপ-আৰক্ষী অধীক্ষক বিতুল চেতিয়া, মুখ্য আইন সহায়ক বোধেশ্বৰ পামেগাম অংশগ্ৰহন কৰি ভাষন প্ৰদান কৰে । এই নাৰী দিৱসৰ মুকলি সভাত ” নাৰী সৱলীকৰণত মহিলা সমিতিৰ ভূমিকা” শীৰ্ষক বিষয়ত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত সমল ব্যক্তি হিচাবে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ক্ষীৰদা দত্ত বৰুৱা, মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী বৰ্ণালী বৰা ভূঞা আৰু সমাজসেৱিকা ৰুবী সভাপণ্ডিত বৰাই ভাষন প্ৰদান কৰে। সভাত বিশিষ্ট অতিথি হিচাপে হৰেন্দ নাথ বৰুৱা, বীৰেন শইকীয়া, লোহিত বৰা, খগেন হাজৰিকা, দীপু বৰা, উৎপল কাকতি, সমাজকৰ্মী নাৰায়ণ দত্ত, ৰুবী শইকীয়া, মাজুলী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা পবিত্ৰ গোস্বামী, সভাপতি প্ৰাণজিৎ হাজৰিকা, অসম সেনাৰ আহ্বায়ক দীপক গোস্বামী, আছুৰ কাৰ্যনিৰ্বাহক ৰঙ্গৰস মহন্ত, বুলু পাঠক ভৰালী, কবিতা মৰাং পেগু, অমিয়া বৰঠাকুৰ, বৃন্দা শইকীয়া, মহিলা নেত্ৰী ৰেখা বৰা, প্ৰণতি হাজৰিকা, প্ৰণতি ওজা হাটীমতাই অংশগ্ৰহণ কৰে। নাৰী দিৱসৰ মুকলি সভাত আদৰণী ভাষণ প্ৰদান কৰে নামনি মাজুলী আঞ্চলিক মহিলা সমিতিৰ সভানেত্ৰী যুতিকা গোস্বামী মহন্তই। মুকলি সভাত পপী হাজৰিকাই বৰগীত, দীপালী ভূঞা হাজৰিকা আৰু ৰুবী শইকীয়াই লোকগীত আৰু ৰাজস্ৰী বৰাই বিহু নৃত্য পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে।
বিশিষ্ট মহিলাক সম্বৰ্ধনাঃ মাজুলী জিলাৰ মহিলা সমিতি আৰু মাজুলী জিলা আইন সাহাৰ্য কোষৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা আন্তৰ্জাতিক নাৰী দিৱসত মাজুলীৰ বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ষোল্ল গৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয়। আজি সম্বৰ্ধিত মহিলাসকল হৈছে – সুভদ্ৰা শইকীয়া বৰা, ৰুবী শইকীয়া, ৰাজু ৰাজখোৱা, ৰুণুমা ভঁৰালী, কৌশল্যা বায়ন হাজৰিকা, ডলী বৰুৱা, প্ৰমা বৰুৱা দাস, কৰুণা শইকীয়া, বিনীতা হাজৰিকা বৰা, অঞ্জুমণি দাস, মণীষা দত্ত, ৰীপা দোলাকাষৰীয়া, প্ৰণতি ওজা হাটীমতা, মালতী ভূঞা, কুসুম শইকীয়া আৰু মাকন শইকীয়াক সম্বৰ্ধনা জনোৱা হয়। জিলা মহিলা সমিতিৰ সম্পাদিকা নিতুল হাজৰিকা শইকীয়াই পৰিচালনা কৰা উক্ত সম্বৰ্ধনা অনুষ্ঠানত নামনি মাজুলী অঞ্চলৰ বিশিষ্ট মহিলা নিৰু দত্ত, কুসুম দত্ত, ফুল বৰা, বন্দনা মহন্ত, সাদৰী বৰা, মীনা ভূঞা, কদমী শইকীয়া, ভাবলি ভৰালী আৰু গুণ বৰাকো আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। মাজুলীৰ বিভিন্ন প্ৰান্তৰ কেইবাশতাধিক মহিলাই অংশগ্ৰহণ কৰা এই দিৱসত শলাগৰ শৰাই আগবঢ়াই নামনি মাজুলী আঞ্চলিক মহিলা সমিতিৰ সম্পাদিকা ৰিন্টুমণি কলিতাই। (কাকতৰ নিজা গ্ৰুপত এড কৰে যেন। ভ্ৰাম্য -৯৮৫৪৭৮৫৩৩৬)