মাজুলী জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (DDMA)ৰ অনুশীলন আৰু প্ৰশিক্ষণ প্ৰদান অনুষ্ঠান

মাজুলী জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (DDMA)ৰ অনুশীলন আৰু প্ৰশিক্ষণ প্ৰদান অনুষ্ঠান
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  দুদিনীয়া কাৰ্যসূচীৰে কালিৰে পৰা মাজুলী জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (DDMA) আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) সহযোগত জিলা পৰ্যায়ৰ  ইঞ্চিডেন্ত ৰেষ্পঞ্চ চিষ্টেম (IRS)ৰ প্ৰশিক্ষণ, টেবুল টপ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত অনুশীলন আৰু প্ৰশিক্ষণ প্ৰদান অনুষ্ঠান সম্পন্ন হয়। এই প্ৰশিক্ষণত ভূমিকম্প আৰু অগ্নিসংযোগৰ সময়ত সামৰ্থ বৃদ্ধি কৰি তৎকালীনভাৱে সমস্যাৰ সমাধানৰ অনুশীলন আৰু প্ৰশিক্ষণ  কাৰ্যসূচী অনুষ্ঠিত হয়। যাৰ জড়িয়তে জৰুৰী সঁহাৰি দিয়া সংস্থাসমূহৰ ক্ষমতা বৃদ্ধি কৰা আৰু সকলো অংশীদাৰ আৰু সংস্থাৰ মাজত উন্নত সমন্বয় নিশ্চিত কৰি তেওঁলোকক যিকোনো ঘটনাৰ বাবে সু-সজ্জিত কৰি তোলাৰ লক্ষ্যৰে টেবুল টপ আৰু মক অনুশীলন আয়োজন কৰা হয় । মাজুলী জিলাৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক , জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া সৰোজ সোনোৱল , ASDMAৰ ৰাজ্যিক প্ৰকল্প বিষয়া ড৹ কৃপাল জ্যোতি মজুমদাৰ, জিলা প্ৰশাসনৰ অন্যান্য জ্যেষ্ঠ বিষয়া প্ৰমুখ্যে অংশীদাৰ আৰু বিভিন্ন সংস্থা সমূহৰ বিষয়াসকল উপস্থিত থকা এই কাৰ্যসূচীত  অংশগ্ৰহণকাৰী সকলক জিলা আয়ুক্ত আৰু অতিৰিক্ত জিলা আয়ুক্তৰ উপস্থিতিত মানপত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য গড়মূৰৰ বংশীগোপাল নাট্য মন্দিৰত  প্ৰশিক্ষণ আৰু  পীতাম্বৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মক ড্ৰিল কাৰ্যসূচী সম্পন্ন হয়।