মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত ৰাষ্ট্ৰীয় লোক আদালত
বিকাশ শইকীয়া, মাজুলী, ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলা আইন সেৱা প্ৰাধিকৰনৰ সৌজন্যত ৰাজ্যখনৰ অন্যান্য জিলা সমূহৰ দৰে মাজুলী জিলাটো আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰা হয়। আজি অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় লোক আদালতত গোচৰ সমুহ নিষ্পত্তিৰ বাবে উপস্থিত থাকে মাজুলী জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ উৎপল প্ৰসাদ , মাজুলী জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ বংকিম শৰ্মা আৰু মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব সৰস্বতী জহৰী পাদুন , সহকাৰী আয়ুক্ত পুজা বৰা, জিলা নিৰ্বাচনী বিষয়া সংগীত বৰুৱা আৰু পল্লৱী বৰা। আজিৰ এই ৰাষ্ট্ৰীয় লোক আদালতত মাজুলী জিলাত টকা অনাদায় গোচৰ ৩৩৩ টা ধাৰ্য কৰা হৈছিল তাৰে ৩০ টা গোচৰ নিষ্পত্তি হয় আৰু ৯, ২২,৭৯৭ টকা উদ্ধাৰ হয় । বিদুৎ অনাদায় গোচৰ ২১০ টা ধাৰ্য কৰাৰ বিপৰীতে ৩৪ টা গোচৰ নিষ্পত্তি হয় আৰু ১, ৮৭, ২৪৯ টকা উদ্ধাৰ হয় । ঠিক তেনেদৰে বি এছ এন এলৰ মাছুল অনাদায় গোচৰ ৬৪ টা ধাৰ্য কৰা হৈছিল তাৰে ১২ টা গোচৰ নিষ্পত্তি হয় আৰু ৭,৭৯৪ টকা উদ্ধাৰ হয়। ফৌজদাৰী আপোচযোগ্য মুঠ ০৮ টা, এন আই গোচৰ ০১ টা, মটৰ দুৰ্ঘটনা ক্ষতিপুৰণ গোচৰ ০১ টা, খোৰাকী সম্বন্ধীয় গোচৰ ১১টা, অন্যান্য দেৱানী গোচৰ ০২ টা তাৰে এটা নিষ্পত্তি হয় । বাকীজাই গোচৰ মুঠ ৪০ টা ধাৰ্য কৰা হৈছিল তাৰে ০২ টা গোচৰ নিষ্পত্তি হয় আৰু ৬, ৪০০ টকা উদ্ধাৰ হয়। যান বাহন আইন উলংঘা সম্বন্ধীয় মুঠ ৪৫৭ টা ধাৰ্য কৰা বিপৰীতে ১৭০ টা গোচৰ নিষ্পত্তি হয় আৰু ৪৪,৮০০ টকা উদ্ধাৰ কৰা হয় । আজিৰ লোক আদালতত আদালত সমুহক সেৱা আগবঢ়ায় ক্ৰমে মাজুলী জিলা মুখ্য আইন সহায়ক প্ৰতিৰক্ষা অধিবক্তা বোধেশ্বৰ পামে গাম, উপ-আইন সহায়ক প্ৰতিৰক্ষা অধিবক্তা বৰ্ণালী চায়েঙ্গীয়া আৰু সহকাৰী আইন সহায়ক প্ৰতিৰক্ষা অধিবক্তা ৰুনজুন দলে ।