মাজুলী জিলাত বিশেষ টিকাকৰণ অভিযানৰ Special Immunization Drive)আৰম্ভ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ অসমৰ লগতে মাজুলী জিলাটো বিশেষ টিকাকৰণ অভিযান (Special Immunization Drive) আৰম্ভ হৈছে । জিলাখনত টিকাকৰণৰ পৰা বাদপৰি ৰোৱা জন্মৰ পৰা ২ বছৰৰ ভিতৰৰ (০-২ বছৰৰ) মুঠ ২১৮ টি শিশু হিতাধিকাৰীক লৈ বিশেষ টিকাকৰণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হব।
জিলা খনৰ মুঠ ৪৪ টি উপ স্বাস্থ্য কেন্দ্ৰ (আয়ুষ্মান আৰোগ্য মন্দিৰ)ৰ লগতে ব’ট ক্লিনিক(চৰ অঞ্চলৰ ক্ষেত্ৰত) এই উদ্দেশ্যেই প্ৰস্তুত কৰি তোলা হৈছে। কালি ১৭ জানুৱাৰীৰ পৰা অহা ২৫ জানুৱাৰীলৈ জিলাখনৰ টিকাকৰণ কেন্দ্ৰ সমূহত বাদপৰি যোৱা জন্মৰ পৰা দুই বছৰৰ ভিতৰৰ (০-২বছৰৰ) প্ৰতিটো শিশুক টিকাকৰণৰ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰা হৈছে।
উল্লেখযোগ্য যে, টিকাকৰণে এটি শিশুক মাৰাত্মক ব্যাধি যেনে যক্ষ্মা, যকৃতৰ ৰোগ, পলিঅ’, হুপিং কাহ, ডিপথেৰিয়া , হিম’ফিলাছ ইনফ্লুৱেঞ্জা, ডায়েৰীয়া,সৰু আই, ৰুবেলা আদিৰ পৰা ৰক্ষা কৰে লগতে গৰ্ভৱতী মহিলা গৰাকীক ঘোৰাসলক্ষা আৰু ধনুষ্টংকাৰ আদি ৰোগৰ পৰা ৰক্ষা কৰে।
সেয়েহে সকলো শিশুৰ লগতে গৰ্ভৱতী মহিলাক ওচৰৰ টিকাকৰণ কেন্দ্ৰত গৈ উক্ত দিন কেইটাত টিকা গ্ৰহণ কৰি সুৰক্ষিত হবলৈ আহ্বান জনাইছে মাজুলী জিলা স্বাস্থ্য বিভাগে।