মাজুলীৰ সদৰ গড়মূৰ সত্ৰ উপ-ডাকঘৰৰ নৱনিৰ্মীত গৃহৰ শুভ উদ্ধোধন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলা সদৰ গড়মূৰ তিনিআলিৰ সমীপতে নতুনকৈ নিৰ্মাণ কৰা গড়মূৰ সত্ৰ উপ ডাকঘৰৰ আজি শুভ উদ্ধোধন কৰা হয় ৷ এই উপলক্ষে আয়োজন কৰা এক মাংগলিক অনুষ্ঠানত শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামীয়ে নতুনকৈ নিৰ্মাণ কৰা ডাকঘৰৰ ফিটা কাটি আনুষ্ঠানিক ভাৱে ৰাইজৰ সেৱাৰ বাবে মুকলি কৰে ৷ ডাকঘৰ উদ্ধোধন উপলক্ষে আয়োজন কৰা ডাক বিভাগৰ কৰ্মচাৰী ৰঞ্জিত দত্তই আঁত ধৰা আৰু উদেশ্য ব্যাখ্যা কৰা অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে ৷ অনুষ্ঠানটিত আদৰণি ভাষণ আগবঢ়াই সহকাৰী ডাক অধীক্ষক জগদীশ দত্তই ৷ সভাত সত্ৰাধিকাৰ হৰিদেৱ গোস্বামী, ডাক বীমা উন্নীতকৰণ বিষয়া প্ৰণৱ বৰপাত্ৰগোহাঁই, গড়মূৰ পীতাম্বৰদেৱ গোস্বামী কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘনকান্ত নাথ, সমাজকৰ্মী বিপুল হাজৰিকাই বক্তব্য প্ৰদান কৰি স্থায়ী ডাকঘৰৰ জৰিয়তে গ্ৰাহক সকল উপকৃত হ’ব আৰু বিভাগৰ কৰ্মচাৰী সকলে ভালদৰে সেৱা আগবঢ়াব পাৰিব ৷ উল্লেখ যে, গড়মূৰ সত্ৰৰ প্ৰয়াত স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে সত্ৰৰ চৌহদত ১৯৫২ চনতে গড়মূৰ সত্ৰ উপ-ডাকঘৰৰ কাম-পৰীক্ষামূলক ভাৱে আৰম্ভ কৰিছিল ৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ হোৱাৰ পিছত ১৯৬৪ চনত উক্ত ডাকঘৰ গড়মূৰ তিনিআলিৰ সত্ৰৰ ভাৰাঘৰতে বছৰ-বছৰ ধৰি আছিল ৷ আজিৰে পৰা ডাকঘৰৰ কাম-কাজ নতুন গৃহৰ পৰা আৰম্ভ হ’ব ৷ সভাত উপ-ডাকঘৰৰ পোষ্ট মাষ্টৰ জীৱেশ্বৰ দাস, গড়মূৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰমিন্দ্ৰ সিংৰ লগতে উপ-ডাকঘৰৰ কৰ্মচাৰী, বহু সংখ্যক গ্ৰাহক উপস্থিত থাকে ৷