মাজুলীৰ বৰগুৰি চাৰি আলিত ভয়ংকৰ পথ দুৰ্ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ বৰগুৰি চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা। মাজুলীৰ অতিৰিক্ত উপায়ুক্তৰ কনভয়ৰ বাহনে মহতিয়ালে দুজনকৈ ছাত্ৰক।ফলত অয়নজ্যোতি বণিয়া নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে মলয় নাথ নামৰ দশম মানৰ ছাত্ৰজন গুৰুতৰভাৱে আহত হয়। আহত ছাত্রজনক গড়মূৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুয়োজন ছাত্ৰ বৰগুৰি ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল। অতিৰিক্ত উপায়ুক্তৰ কনভয় গড়মূৰলৈ আহি থকা অৱস্থাতে সংঘটিত হয় উক্ত দুৰ্ঘটনাটো।ইফালে এই ঘটনাৰ পিছতেই মৃত অৱনজ্যোতি বণিয়াৰ জোৰবিল গাঁৱৰ লগতে সমগ্ৰ বৰগুৰি অঞ্চলৰ ৰাইজ বৰগুৰি চাৰিআলিলৈ ওলাই আহি এ এছ০৩ এক্স-১০০৩ নম্বৰৰ দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ চালকসহ দুগৰাকী উপায়ুক্তৰ দেহৰক্ষীক আবদ্ধ কৰি ৰাখি উত্তম-মধ্যম সোধায়। পৰিস্থিতি বিষম দেখি গাড়ীখনৰ চালকসহ দুই আৰক্ষীক আৰক্ষীয়ে বৰগুৰি চাৰিআলিৰে এখন দোকানত ৰাইজৰ ৰোষৰ পৰা ৰক্ষা কৰিবলৈ সুমুৱাই ৰাখে। ইফালে ৰাইজে দোকানখনৰ সন্মুখত অৱস্থান গ্ৰহণ কৰি চালকসহ আৰক্ষীৰ লোককেইজনক ৰাইজৰ মাজলৈ উলিয়াই দিব লাগে বুলি দাবী উত্থাপন কৰি এক উত্তেজনাময় পৰিস্থিতি সৃষ্টি কৰাৰ লগতে আৰক্ষীৰে হতাহতিত লিপ্ত হয়। উত্তেজিত ৰাইজে আৰক্ষীলৈ বুলি শিলগুটি নিক্ষেপ কৰে। শিলগুটি নিক্ষেপ কৰাৰ ফলত সাংবাদিকৰ লগতে আৰক্ষীও কম-বেছি পৰিমাণে আহত হয়। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঘটনাস্থলীত মাজুলীৰ আৰক্ষী অধীক্ষক বিৱেকানন্দ দাসসহ উচ্চপদস্থ আৰক্ষীৰ দল উপস্থিত হৈ ৰাইজক বুজনি দিবলৈ চেষ্টা কৰে যদিও সফল নহ’ল । ঘটনাস্থলীত চি আৰ পি এফৰ বৃহৎ দল মোতায়েন কৰাৰ পিছতেই পৰিস্থিতি আৰু বেয়ালৈ গতি কৰে।ঘটনাস্থলীত মাজুলীৰ উপায়ুক্ত কাবেৰী বি শৰ্মা উপস্থিত হৈ মৃত অৱনজ্যোতিৰ পৰিয়ালক ২ লাখ টকাৰ ক্ষতিপূৰ্ণ আৰু আহত মলয় নাথৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে যদিও ৰাইজে সেই আশ্বাস মানি নলৈ পুনৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে। ইফালে দুৰ্ঘটনা সংঘটিত কৰা এএছ ০৩ এক্স ১০০৩ নম্বৰৰ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ গাড়ীখনত মদৰ বটল উদ্ধাৰ হোৱাক লৈ ৰাইজ অধিক ক্ষুব্ধ হৈ পৰে। সুৰা নিষিদ্ধ মাজুলীত খোদ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ গাড়ীত অহা আৰক্ষীয়েই মদ সেৱন কৰি দিন-দুপৰতে ৰাস্তাৰ কাষত থকা দুগৰাকী ছাত্ৰক গাড়ীৰে খুন্দিয়াই মাৰা সংক্ৰান্তত ৰাইজে আৰক্ষীৰ শীৰ্ষ বিষয়াক জবাবদিহি কৰে।