মাজুলীৰ তেজস্বীতাৰ মৃত্যুয়ে উদঙাইছে চৰকাৰী ব্যৰ্থতাৰ স্বৰূপ: অসম জাতীয় পৰিষদ

Pc Wikipedia

মাজুলীৰ তেজস্বীতাৰ মৃত্যুয়ে উদঙাইছে চৰকাৰী ব্যৰ্থতাৰ স্বৰূপ: অসম জাতীয় পৰিষদ

ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ তেজস্বীতা বৰুৱাৰ চিকিৎসাহীনতাৰ বাবে মৃত্যু হোৱা ঘটনাই ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ব্যৰ্থতাক স্পষ্টভাৱে উদঙাই দিয়া বুলি মত প্ৰকাশ কৰে অসম জাতীয় পৰিষদে৷ উদীয়মান শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে প্ৰায় পোন্ধৰ বছৰ অসমৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সততে মাজুলীৰ প্ৰতি নিজৰ আন্তৰিকতা থকাৰ কথা প্ৰচাৰ কৰি থাকে৷ একেদৰে ৰাজ্যৰ স্বাস্থ্য খণ্ডয়ো ব্যাপক উন্নতি সাধন কৰা বুলি চৰকাৰী প্ৰচাৰতন্ত্ৰই দাবী কৰি আহিছে৷ কিন্তু স্বয়ং মুখ্যমন্ত্ৰীয়ে নিজৰ দ্বিতীয় ঘৰ বুলি কোৱা আৰু ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ ক্ষমতাশালী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিছুদিনৰ আগলৈকে প্ৰতিনিধিত্ব কৰা, সত্ৰ সংস্কৃতিৰ পীঠস্থান মাজুলীৰ দৰে গুৰুত্বপূৰ্ণ স্থানতে স্বাস্থ্যসেৱাৰ কি অৱস্থা, সেয়া উক্ত ঘটনাই উদঙাই দিলে৷ এনে অৱস্থা সমগ্ৰ ৰাজ্যৰে স্বাস্থ্য খণ্ডতে বিৰাজমান৷ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বিজেপিৰ চৰকাৰ থকা স্বত্বেও ডঃ শৰ্মা আৰু সোণোৱাল দুয়োগৰাকীয়েই সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা মাজুলীতে যদি চিকিৎসাৰ অভাৱত এগৰাকী জনপ্ৰিয় উদীয়মান শিল্পীয়ে প্ৰাণ হেৰুৱাবলগীয়া হয়, তেনেহ’লে ইয়াতকৈ দুৰ্ভাগ্যজনক ঘটনা আন একো হ’ব নোৱাৰে বুলি গগৈ আৰু ভূঞাই মত প্ৰকাশ কৰে৷