মাজুলীৰ ডুখৰীয়া সপোন- মৃগাংক বৰুৱা

Pc indian holiday pvt. Ltd

মাজুলীৰ ডুখৰীয়া সপোন

শীতৰ পুৱা এটিত ওলাবা বন্ধু
নিমাতীঘাটৰ পৰা
পানচৈ মেলি দিম
হেঁপাহৰ মাজুলীলৈ
সুৰীয়া ঐনিতমৰ সুৰ টানিবলৈ
নিয়ৰসিক্ত শেৱালি সৰা পুৱাটোত
কঁহুৱা ডৰাই শুকুল আঁচল আঁৰিব
সেই আঁচলৰ কাষতে সপোন এটিও জিলিকিব
সোণোৱালী ধাননিৰ
মন আকাশ ভৰাই
আশাত বন্দী হ’ব
হালৰ গৰু,নাঙল,যুঁৱলি আৰু
কেচাঁ মাটিৰ গোন্ধেৰে আমোলমোল পথাৰখনি।
তেনে এখনি
মাজুলীৰ পৰাই আনিম
যান্ত্ৰিকতাৰে ভৰা নগৰবাসীলৈ
এবুকু নিভাঁজ মৰম
ঐনিতমসুৰীয়া আকুলতা
আৰু বুঢ়ালুইত সম বিশাল সৰলতা।

মৃগাংক বৰুৱা