মাজুলীৰ কমলাবাৰী একাডেমীত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ – ৰ পৃষ্ঠপোষকতাত ৰাষ্ট্ৰীয়  বিজ্ঞান দিৱস উদযাপন

মাজুলীৰ কমলাবাৰী একাডেমীত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ – ৰ পৃষ্ঠপোষকতাত ৰাষ্ট্ৰীয়  বিজ্ঞান দিৱস উদযাপন

বিকাশ শইকীয়া, মাজুলী, ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ – ৰ পৃষ্ঠপোষকতাত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ , মাজুলী জিলাৰ উদ্যোগত , আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ উজনি মাজুলী আৰু মাজুলী ব্লক , অসম বিজ্ঞান সমিতি , মাজুলী শাখাৰ সহযোগত আজি  কমলাবাৰী একাডেমীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। পুৱা বৃক্ষৰোপনেৰে  আৰম্ভ হোৱা অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰী সকলৰ  মাজত পাঁচটা দল ক্ৰমে  ভাটৌ, কুলি, বুলবুলি, কপৌ, চিলনী আদি ভাগ কৰি বিজ্ঞান ভিত্তিক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ , মাজুলী ব্লকৰ সমন্বয়ক বিকাশ বৰাই আতঁধৰা মুকলি সভাৰ সভাপতিত্ব কৰে বিদ্যালয়খনিৰ প্ৰধান শিক্ষয়িত্ৰী আশাৰাণী হাজৰিকাই। উদ্ধোধনী ভাষণত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ , মাজুলী জিলা সমন্বয়ক তথা মাজুলী মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° অনুপ কুমাৰ দলে বিজ্ঞান জনপ্ৰিয়কৰণৰত  ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি তেওঁলোকে সমাজ জীৱনৰ উৎকৰ্ষ আৰু  ভৱিষ্যতে গোলকীয়ভাৱে প্ৰসাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা , গাঁৱলীয়া সমাজত থলুৱা  প্ৰযুক্তি প্ৰয়োগ কৰি বিজ্ঞানসন্মত ভাৱে আগবাঢ়ি যোৱা আদি বিষয়ত এক তত্ত্ব গধুৰ ভাষণ আগবঢ়ায় ।  সমল ব্যক্তি  হিচাপে উপস্থিত থকা বিজ্ঞান শিক্ষক জীৱন বৰাই চাৰ CV Raman য়ে উদ্ভাৱন কৰা ৰমন ৰশ্মি গুৰুত্বৰ ওপৰত আৰু  এই বছৰ মূল বিষয়  (Theme:- Indigenous Technologies for Viksit Bharat) “বিকশিত ভাৰতৰ বাবে থলুৱা প্ৰযুক্তিবিদ্যা “ওপৰত বক্তৃতা প্ৰদান কৰাৰ লগতে ব্যৱহাৰিক কাৰ্যকলাপৰ যোগেদি বিজ্ঞানৰ পৰীক্ষা মঞ্চত প্ৰদৰ্শন কৰে । আমন্ত্ৰিত অতিথি হিচাপে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মাখন শইকীয়াই পুৰনি দিনত থলুৱা সামগ্ৰীৰ বিভিন্ন ব্যৱহাৰ কৰি উপকৃত হোৱাৰ বাবে পুনৰ  সেই প্ৰযুক্তি ব্যৱহাৰ কৰি ভাৰতবৰ্ষক বিজ্ঞানৰ দিশত আগুৱাই নিয়াত সহায় হোৱাৰ কথা নিজৰ ভাষণত উল্লেখ কৰে । অনুষ্ঠানত কুইজ প্ৰতিযোগিতাত স্হান লাভ কৰা ছাত্ৰ- ছাত্ৰীক দলীয় ভাৱে পুৰস্কাৰ প্ৰদান কৰা  হয়।